চপাইদাঙত ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

আইকণ ক্ৰিকেট একাডেমীৰ উদ্যোগত বোন্দাৰ চপাইদাঙত আৰম্ভ হৈছে ক্ৰিকেটৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰ।অহা ২ আগষ্টত সামৰণি পৰিবলগীয়া ল'ৰাৰ ১৬ বছৰ অনুৰ্ধৰ ১২ দিনীয়া শিবিৰটোত প্ৰায় অৰ্ধ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে। বিশেষ শিবিৰটোত প্ৰশিক্ষকৰ দায়িত্বত আছে অভিজ্ঞতাৰে পৰিপুষ্ট স্বনামধন্য প্ৰশিক্ষক নবাব আলী সমন্বিতে এন চি এ প্ৰশিক্ষক সন্দীপন দেৱনাথ,প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বিশ্বজিৎ মজুমদাৰ আৰু গৌতম শৰ্মা।উন্নত ক্ৰীড়া সজুঁলি আৰু কাৰিকৰী কৌশল অৱলম্বিত শিবিৰটো আইকণ স্পৰ্টছ একাডেমীৰ চৌহদত নিতৌ পুৱা ৭-১১ বজালৈ চলা থকা হৈছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *