“এচিএ গালৰ্ছ ১৫ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্ট”ত চেম্পিয়ন গুৱাহাটী

July 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

শনিবাৰে গুৱাহাটীৰ জ'জ খেলপথাৰত অনুষ্ঠিত হয় "এচিএ গালৰ্ছ ১৫ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্ট" ৰ ফাইনেলৰ মহাৰণ । অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা চূড়ান্ত মেচত অৱতীৰ্ণ হয় গুৱাহাটী আৰু লখিমপুৰ ।তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৭ উইকেটত জয়ী হয় গুৱাহাটী । প্ৰথমে বেটিং কৰ ২১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই লখিমপুৰে সংগ্ৰহ কৰে ৩৭ ৰাণ । প্ৰত্যুত্তৰত ২১.৫ অভাৰত ৩ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় গুৱাহাটী।

৭ অভাৰত ৯ ৰাণ ব্যয়েৰে ৫ টা উইকেট দখল কৰা গুৱাহাটীৰ খেলুৱৈ সিংহায়ণা পাঠকে লাভ কৰে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান ।আনহাতে গোৱালপাৰাৰ খেলুৱৈ মুৰ্চনা বৰুৱাই অৰ্জন কৰে শ্ৰেষ্ঠ বেটাৰৰ সন্মান ।সেইদৰে লখিমপুৰৰ কুমকুম আহমেদে শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰাৰ বিপৰীতে প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্টৰ বঁটা লাভ কৰে জিজ্ঞাসা বৈশ্যই ।

উল্লেখ্য যে,সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাস,এপেক্স কাউন্সিলৰ সদস্য ৰুমী বড়ো, মহিলা বাচনি সমিতিৰ অধ্যক্ষা নাজৰিন সুলতানা আলি আহমেদৰ উপৰি গুৱাহাটী ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া সকল ।প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাইছে গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খানে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *