গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰিছে “গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰ”

July 27, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

২৬ জুলাইৰ পৰা ৯ আগষ্টলৈ গুৱাহাটীৰ জ'জ খেলপথাৰত অনুষ্ঠিত হৈছে " গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰ" । অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা এই ১৫ দিনীয়া শিবিৰটো পৰিচালনা কৰিছে প্ৰাক্তন লিষ্ট "এ" ক্ৰিকেটাৰ শলিল সিনহা আৰু অসম ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক চন্দন শৰ্মাই ।

দেওবাৰে শিবিৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সুমিত ৰঞ্জন দাসে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা খেলুৱৈক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদানৰ লগতে খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে সুমিত ৰঞ্জন দাসে ।উল্লেখ্য যে অহা ৯ আগষ্টত সামৰণি পৰিবলগা এই শিবিৰত অংশগ্ৰহণ কৰিছে ৬০ গৰাকী খেলুৱৈ-এ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *