অসমকন্যা অস্মিতা চলিহাৰ শিৰত “কোৰিয়া মাষ্টাৰ্ছ-২০২৬ “ৰ খিতাপ

August 9, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

কোৰিয়াৰ মাটিত অসমকন্যা অস্মিতা চলিহাই ৰচিলে গৌৰৱময় ইতিহাস । "কোৰিয়া মাষ্টাৰ্ছ ২০২৬" ৰ মহিলাৰ একক শাখাত খিতাপ দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমকন্যা অস্মিতাই।ফাইনেলৰ ৰোমাঞ্চকৰ মেচত চীনৰ খেলুৱৈ হান কিয়ান্সিক পৰাভূত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ জৰিয়তে অভূতপূৰ্ব জয় সাব্যস্ত কৰিলে খেলুৱৈ গৰাকী-এ । বি ডব্লিউ এফ-ৰ খিতাপ জিনা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত অস্মিতা চলিহা। ফাইনেলত চীনৰ হান কিয়ান্সিক ১৪-২১,২১-১৪,২১-১৪ ছেটত পৰাস্ত কৰি সফলতা কঢ়িয়াই আনে দুৰ্দান্ত তৰুণী অস্মিতাই ।৫৩ মিনিটৰ তীব্ৰ যুঁজৰ অন্তত শেষ হাঁহি মাৰিলে ২৬ বছৰীয়া খেলুৱৈ গৰাকী-এ। এইয়া অস্মিতাৰ কেৰিয়াৰৰ প্ৰথমটো "বি ডব্লিউ এফ- ৱ'ল্ড ট্যুৰ" খিতাপ,লগতে অসমৰ বেডমিন্টন ক্ষেত্রৰ বাবেও এক ঐতিহাসিক মাইলৰ খুঁটি ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *