গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ভাৰতীয় বেডমিণ্টনৰ নৱ তাৰকা আয়ুষ ছেট্টীৰ লগতে অভিজ্ঞ পি ভি সিন্ধুই চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়যাত্ৰা অব্যাহত ৰাখি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কিন্তু প্ৰতিযোগিতাৰ পৰা দ্বিতীয় ৰাউণ্ডতে বিদায় লয় লক্ষ্য সেনে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ বুধবাৰে তৃতীয় দিনা হোৱা মহিলাৰ একক শাখাৰ মেচত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধুৱে ২১-১৬, ২১-১৭ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে কানাডাৰ ৱেন য়ু ঝাঙক৷ ৩৫ মিনিট চলে এই মেচ৷
ইফালে, ডিফেণ্ডিং চেম্পিয়ন তথা শীৰ্ষ বাচনিৰ চীনৰ শ্বি য়ুকিক প্ৰথম ৰাউণ্ডতে বিদায় দি ঐতিহাসিক অঘটন সৃষ্ঠি কৰা ভাৰতৰ উদীয়মান তাৰকা আয়ুষ ছেট্টীয়ে আজি পুৰুষৰ একক শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত শ্ৰীলংকাৰ ডুমিণ্ডু এবেবিক্ৰমাক মাত্ৰ চ্ছ মিনিটতে ২১-৮, ২১-১০ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়৷
কিন্তু তাৰকা লক্ষ্য সেনে পুৰুষৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডৰ খেলত আমেৰিকাৰ গাৰেট টানৰ বিৰুদ্ধে প্ৰথমটো ছেট ২১-১৯ ত দখল কৰি সুন্দৰ আৰম্ভণি কৰাৰ পাছতো পৰবৰ্তী ছেট দুটা ২১-১৯, ২১-১৭ ৰ ব্যৱধানত হেৰুৱাই প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷
একেদৰে মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডৰ খেলত কানাডাৰ মিচেল লীৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়ো পৰাস্ত হৈ বিদায় লয় প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনত খেলা ভাৰতৰ উন্নতি হুদাই৷ প্ৰথমটো ছেট ২১-১১ ত দখল কৰি আশাৰ আৰম্ভণি কৰাৰ পাছত উন্নতিয়ে পৰবৰ্তী ছেট দুটা ২১-৯, ২৩-২১ ৰ ব্যৱধানত হেৰুৱাই প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷
ইফালে, পুৰুষৰ ডাবলছত পদক প্ৰত্যশী অভিজ্ঞ সাতৱিকচৈৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে আজি বাই লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে৷ ভাৰতীয় যুটিটোৰ স্কটলেণ্ডৰ প্ৰতিদ্বন্দ্বী আলেকজেণ্ডাৰ ডুন আৰু আডাম প্ৰিংগল যুটিৰ ডুনে আঘাত পোৱাত প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰে৷
ইফালে, মিক্সড ডাবলছৰ ভাৰতীয় যুটি ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টোয়ো আজি দ্বিতীয় ৰাউণ্ডৰ মেচত লিয়ং লুক চুং আৰু ৱেং চি যুটিক ২১-১১, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ প্ৰথম ৰাউণ্ডত ধ্ৰুৱ আৰু তানিছাই বাই পাইছিল৷
ইফালে, ভাৰতৰ দ্বিতীয়টো পুৰুষৰ ডাবলছ যুটি এম আৰ অৰ্জুন আৰু হৰিহৰণো প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছে৷ কোৰিয়াৰ যুটি কিং মিন আৰু কি ডুং ঝুৱে ২১-১৭, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত অভিষেক কৰা দুই ভাৰতীয়ক৷


0 Comments