গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
সমাগত জাপানৰ "এছিয়ান গেমছ-২০২৬"।অসমত উপস্থিত নেপালৰ বক্সিং দল। গুৱাহাটী ছাইত "এছিয়ান গেমছ"ৰ বাবে নেপালৰ বক্সিং দলৰ অনুশীলন।অসমৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰীতি মেচত অংশগ্ৰহণ।
অহা ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত অনুষ্ঠিত হ'ব "২০ সংখ্যক এছিয়ান গেমছ-২০২৬"। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পূৰ্বে যোৱা ১০ আগষ্টত অসমত আহি উপস্থিত হয় সমাগত জাপানৰ "এছিয়ান গেমছ"লৈ নিৰ্বাচিত নেপালৰ ৭ গৰাকী বক্সাৰসহ ২ গৰাকী প্ৰশিক্ষক ।তেওঁলোকে যোৱা ১০ আগষ্টৰ পৰা গুৱাহাটীৰ পল্টনবজাৰ ছাইত অব্যাহত ৰাখিছে কঠোৰ অনুশীলন । অসমত আছে অলিম্পিক পদকজয়ী তথা বিশ্ব বক্সিং প্ৰতিযোগিতাত পদকজয়ী আন্তঃৰাষ্ট্ৰীয় বক্সাৰ।সেয়েহে,"এছিয়ান গেমছ"ৰ পূৰ্বে অসমৰ খেলুৱৈসকলৰ সৈতে অনুশীলন বাবে নেপালৰ বক্সিং দলটোক গুৱাহাটী ছাইলৈ প্ৰেৰণ কৰিছে নেপাল চৰকাৰ তথা নেপাল বক্সিং সন্থাই। গুৱাহাটীত ছাইত অহা ১৫ ছেপ্তম্বৰলৈকে প্ৰস্তুতি চলাই পোনে পোনে জাপানৰ "এছিয়ান গেমছ"ৰ বাবে ৰাওনা হ'ব নেপালৰ বক্সিং দলটো।এই সন্দৰ্ভত জনালে নেপালৰ বক্সিং দলৰ অন্যতম প্ৰশিক্ষক দীপক মহাজনে। ছাই গুৱাহাটী চেন্টাৰ তথা খেলুৱৈ সকলক প্ৰশংসাৰে উপচাই পেলালে নেপালৰ বক্সিং প্ৰশিক্ষকে।নেপালৰ তুলনাত অসমত অধিক বক্সিঙৰ অনুশীলন শিবিৰ অনুষ্ঠিত হয় বুলি মন্তব্য কৰে প্ৰশিক্ষক গৰাকী-এ।
ইফালে গুৱাহাটী ছাইত অনুষ্ঠিক এই অনুশীলন শিবিৰৰ মাজতে আৰ্মি বয়জ,নেপালৰ বক্সিং দল আৰু অসমৰ খেলুৱৈসকলৰ সৈতে এক প্ৰীতি মেচো আয়োজন কৰা হয়।গুৱাহাটী ছাইৰ হৈ এই প্ৰীতি মেচত অংশ ল'লে ৩৫ ৰ পৰা ৪৫ গৰাকী বক্সাৰে।ৰিঙত দেখা গ'ল আন্তঃৰাষ্ট্ৰীয় তাৰকা বক্সাৰ অংকুশিতা বড়োৰ দৰে খেলুৱৈক।ফাইনেলৰ মেচত অংকুশিতাৰ হাতত পৰাস্ত হয় "এছিয়ান গেমছ"লৈ নিৰ্বাচিত নেপালৰ বক্সাৰ।
প্ৰীতি মেচৰ সন্দৰ্ভত জনালে গুৱাহাটী ছাইৰ সহকাৰী সঞ্চালক শিভম পাণ্ডে-এ।প্ৰীতি মেচত অংশগ্ৰহণ কৰি আনন্দিত "নেচনেল গেমছ"ৰ পদকজয়ী বক্সাৰ আইকন মিলি। মহিলাৰ ৫৪ কেজি শাখাত আইকণ মিলিৰ হাতত পৰাস্ত হয় নেপালৰ খেলুৱৈ।
উল্লেখ্য যে, নেপালত সংঘটিত হোৱা বান বিভীষিকাৰ পূৰ্বেই অসমলৈ অনুশীলনৰ বাবে আহিছিল দলটো। দেশৰ এই দুৰ্দশাৰ সময়ত সকলো দুখ বুকুতে সামৰি নিজৰ দেশৰ বাবেই "এছিয়ান গেমছ"ত খেলিবলৈ সাজু হৈছে নেপালৰ বক্সিং খেলুৱৈ।ক্ৰীড়া অনুৰাগীৰ আশা,এনে অনুশীলন শিবিৰ তথা প্ৰীতি মেচৰ জৰিয়তে উপকৃত হওঁক দুয়ো দেশৰ বক্সাৰ। অনুশীলনৰ বাবে ছাই গুৱাহাটীলৈ বিদেশী ৰাষ্ট্ৰৰ বক্সাৰ আকৰ্ষিত হোৱা বিষয়টো দেশ তথা ৰাজ্যৰ ক্ৰীড়াক্ষেত্রৰ বাবে এক অন্যতম শুভলক্ষণ।


0 Comments