গুৱাহাটী:২৯ ছেপ্তেম্বৰ
সভাপতি তৰংগ গগৈৰ পৌৰহিত্যত মংগলবাৰে গুৱাহাটীত অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সফলতাৰে অনুষ্ঠিত হয়,য'ত বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই বিশেষ আমন্ত্ৰিত হিচাপে অনুষ্ঠানটো শোভা বৰ্ধন কৰে ।

সভাত এচিএৰ সম্পাদক সনাতন দাস, উপ-সভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক ৰাজেন্দ্ৰৰ সিং, কোষাধ্যক্ষ অনুপম ডেকা, এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য আৰু স্বীকৃত সকলো জিলা ইউনিটৰ প্ৰতিনিধি উপস্থিত থাকে ।

উপস্থিত সদস্যসকলে ২০২৫–২৬ চনৰ সম্পাদকীয় প্ৰতিবেদনত অনুমোদন জনোৱাৰ লগতে কোষাধ্যক্ষৰ প্ৰতিবেদন গ্ৰহণ আৰু উল্লিখিত সময়ছোৱাৰ হিচাপ-পত্ৰ নিৰীক্ষণ কৰে আৰু ২০২৬–২৭ চনৰ বাৰ্ষিক বাজেট গৃহীত কৰে । নতুন বিত্তীয় বৰ্ষৰ হিচাপ নিৰীক্ষকৰ নিযুক্তিও নিশ্চিত কৰা হয় । আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাননীয় মনোজিত ভূঞাৰ ন্যায় অধিকৰ্তা তথা এথিকছ বিষয়া হিচাপে নিযুক্তি দিয়া হয় ।
সভাই অন্যহাতে মুকুট দাস, এ পি এলৰ আম্পায়াৰ পেনেলৰ সোণজিৎ দাস আৰু বিগত কালছোৱাত পৰলোকপ্ৰাপ্তি ঘটা অসম ক্ৰিকেটৰ আন অগ্ৰণী ব্যক্তিসকলৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হয় । ৰাজ্যৰ ক্ৰিকেটৰ বিকাশৰ বাবে তেওঁলোকে আগবঢ়োৱা বহুমূলীয়া অৱদানৰ প্ৰতি সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সভাত খেলুৱৈৰ প্ৰদৰ্শন, চলি থকা প্ৰকল্প, আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈৰ কল্যাণ আৰু ৰাজ্যৰ ক্ৰিকেট পৰিৱেশ শক্তিশালী কৰাৰ ভৱিষ্যত পৰিকল্পনাকে ধৰি অসমৰ ক্ৰিকেটৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় । তৃণমূল পৰ্যায়ৰ ক্ৰিকেটৰ প্ৰসাৰণ, প্ৰশিক্ষক আৰু যুৱ বিকাশৰ কাৰ্যসূচী শক্তিশালী কৰা আৰু বিভিন্ন পৰ্যায়ৰ খেলুৱৈৰ বাবে অধিক সুযোগ সৃষ্টিৰ ওপৰতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয় ।
এ পি এলৰ নতুন গৱৰ্নিং কাউন্সিল : এজিএমৰ কাৰ্যসূচী মৰ্মে ২০২৬–২৭ চনৰ কাৰ্যকালৰ বাবে এপিএল গৱৰ্নিং কাউন্সিল নতুনকৈ গঠন কৰা হয়, য'ত প্ৰেমানন্দ শইকীয়া (ৰাতুল) আৰু নাছিৰ গুল খানক এবছৰৰ বাবে সদস্য হিচাপে নিযুক্তি দিয়া হয় ।

এই বাৰ্ষিক সভাই তৃণমূল পৰ্যায়ৰ ক্ৰিকেটৰ উন্নয়ন, প্ৰশিক্ষণ আৰু নতুন প্ৰতিভা চিনাক্তকৰণ কাৰ্যসূচী শক্তিশালী কৰা, খেলুৱৈৰ সুযোগ বৃদ্ধি কৰা আৰু সমগ্ৰ ৰাজ্যতে আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাত এচিএৰ অংগীকাৰ পুনৰ দোহৰা হয় ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments