বিশ্ব জুনিয়ৰ বেডমিণ্টনত টিম ইণ্ডিয়াৰ মেনেজাৰ অসমৰ ওমৰ ৰছিদ

October 2, 2026

K

Gogo Sports NE

গুৱাহাটীঃ ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ'বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰিছে বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক তথা অসম বেডমিণ্টন সংন্হাৰ সম্পাদক ওমৰ ৰছিদে।

বিশ্ব বেডমিণ্টন ফেডাৰেচন (BWF) ৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই চেম্পিয়নশ্বিপ অহা ৫ ৰ পৰা ১৭ অক্টোবৰ, ২০২৬ লৈ Cairo International Stadium ত অনুষ্ঠিত হ'ব।

প্ৰতিযোগিতাত ভাৰতৰ শক্তিশালী জুনিয়ৰ দলে অংশ লব। যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতে দলীয় ব্ৰঞ্জ আৰু তনবী শৰ্মাই ৰূপ অৰ্জন কৰিছিল।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *