গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন এদিনীয়া মেচৰ পূৰ্বে এচিএৰ সংবাদমেল সম্বোধন

September 24, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত হ’বলগীয়া বহু প্ৰত্যাশিত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ পূৰ্বে বৃহস্পতিবাৰে অসম ক্ৰিকেট সন্থাই মেচৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰিবলৈ এখন সংবাদ মেলৰ আয়োজন কৰে ।

এচিৰ সভাপতি তৰংগ গগৈয়ে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকিল সাধাৰণ সম্পাদক সনাতন দাস,উপ-সভাপতি ৰমেন দত্ত আৰু এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য। সংবাদমেলত জনোৱা অনুসৰি অহা ২৮ ছেপ্টেম্বৰত দুয়োটা দল গুৱাহাটীত উপস্থিত হোৱাৰ কথা । ২৯ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজ দলে দুপৰীয়া ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ অনুশীলন কৰাৰ বিপৰীতে ভাৰতীয় দলে বিয়লি ৫:৩০ বজাৰ পৰা ৮:৩০ বজালৈ এচিএ ষ্টেডিয়ামত অনুশীলন কৰিব । ৩০ ছেপ্টেম্বৰৰ দুপৰীয়া ২:০০ বজাত আৰম্ভ হ’ব ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ দিবা-নৈশ দ্বিতীয়খন এদিনীয়া খেল ।

মেচখনৰ টিকট BookMyShow ত উপলব্ধ হৈ আছে । ছাত্ৰ-ছাত্রীৰ টিকটৰ মূল্য ৫০০ টকা আৰু অন্যান্য ষ্টেণ্ডৰ টিকটৰ মূল্য ১৫০০ টকাৰ পৰা । হস্পিটেলিটি পেকেজৰ মূল্য ১০ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকাৰ ভিতৰত ।

পাৰ্কিঙৰ লগতে যাতায়তৰ বাবে নিৰ্দ্দিষ্ট পথ সম্পৰ্কত লবলগীয়া ব্যৱস্থাৰ বিষয়ে পৰৱৰ্তী যৌথ প্ৰেছ মেলত জনোৱা হ’ব ।

গুৱাহাটীয়ে আন এক ৰোমাঞ্চকৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজন কৰিবলৈ সাজু হোৱাৰ সময়তে সমগ্ৰ অসমৰ লগতে ইয়াক বাহিৰৰ ক্ৰিকেট অনুৰাগীসকলক এচিএ ষ্টেডিয়ামলৈ আদৰণি জনাবৰ বাবে অসম ক্ৰিকেট সন্থাই গভীৰ আশাৰে অপেক্ষা কৰি আছে ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *