অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা

August 20, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলে ৫০ লাখ টকা তথা ৰানাৰ্ছআপ দলটোৱে ২৫ লাখ টকা লাভ কৰিব৷ উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ ছেমিফাইনেল খেলিব লগা চাৰিওটা দল ইতিমধ্যে নিশ্চিত হৈছে৷

সেই অনুসৰি পইণ্ট তালিকাৰ শীৰ্ষ চাৰিটা দল ক্ৰমে গুৱাহাটী ৰয়েলছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰপেটা ব্ৰেভছ আৰু বৰাক লিজেণ্ডছে অহা ২১ আগষ্টত হ’বলগা ছেমিফাইনেল মেচ দুখনত প্ৰতিদ্বন্দ্বিতা কৰিব৷

আনহাতে, অহা ২৩ আগষ্টত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল৷ ৰাজ্যৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰথম বৰ্ষৰ এ পি এলত আঠটা দলে ২৩ দিনত মুঠ ৪৩ খন মেচত অংশ লয়৷প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *