ছিনিয়ৰ মহিলা টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন মেচৰ বাবে অসমৰ ছিনিয়ৰ মহিলা দল ঘোষণা

October 15, 2026

K

Gogo Sports NE

গুৱাহাটী, ১৫ অক্টোবৰঃ
অহা ২৬ অক্টোবৰৰ পৰা গুজৰাটৰ চুৰাটত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ মহিলা টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ দল ঘোষণা কৰিছে । উইকেটকীপাৰ বেটাৰ উমা চেত্ৰীক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে জিন্টিমণি কলিতা থাকিব উপ-অধিনায়কৰ দায়িত্বত ।

নিৰ্বাচিত দলটোত আছে- উমা চেত্ৰী ( কেপ্তেইন, উইকেটকীপাৰ ), জিন্টিমণি কলিতা (উপ-অধিনায়ক ), ৰশ্মি দে, গায়ত্ৰী গুৰুং, মৌচুমী নৰহ, খুছি শৰ্মা ( উইকেটকীপাৰ ), আমন্টিকা মুণ্ডা, হেমলতা পায়েং, ডিম্পী ভূঞা, পাহাৰী শইকীয়া, ফ্লৰিনা টায়ে, ৰিমা পেগু, কাকু বৰ্মন, গ্ৰীতীশা শইকীয়া আৰু জ্ঞানশ্ৰী বৰ্মন ।

ষ্টেণ্ড-বাই খেলুৱৈসকল : মমপ্ৰিয়া দাস, ৰুহিনা পেগু, অনামিকা বড়ী, নিৰুপমা বড়ো, কৰবী ভক্ত, মাইনা নৰহ ( উইকেটকীপাৰ ), ৰূপশ্ৰী শইকীয়া, প্ৰিয়ংকা কলিতা আৰু দিয়া বৰ্মণ ।

আগন্তুক প্ৰতিযোগিতাত খেলুৱৈসকলৰ পৰা শক্তিশালী প্ৰদৰ্শনৰ আশাৰে অসম ক্ৰিকেট সন্থাই আটাইলৈ আন্তৰিক শুভেচ্ছা জনাইছে ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *