সৌৰাষ্ট্ৰৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেললৈ অসম দল ঘোষণা

October 25, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটী ২৫ অক্টোবৰঃ সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অহা ২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ ৰাজকোটত হ’বলগীয়া ৰঞ্জি ট্ৰফীৰ খেলৰ বাবে অসমৰ ক্ৰিকেট দলটো ঘোষণা কৰা হৈছে । দলটোৰ নেতৃত্বত থাকিব ডেনিছ দাস ।

খেলুৱৈসকল - ডেনিছ দাস (অধিনায়ক ), শিবশংকৰ ৰয়, ৰাজবীৰ সিং, নিবিড় ডেকা, প্ৰদ্যুন শইকীয়া, স্বৰূপম পুৰকায়স্থ, সুমিত ঘাদিগাঁওকাৰ ( উইকেটকীপাৰ ), অনুৰাগ তালুকদাৰ ( উইকেটকীপাৰ ), মোহিত ঠাকুৰ, অম্লানজ্যোতি দাস, মুক্তাৰ হুছেইন, সুনীল লাচিত, হৃদীপ ডেকা, ৰোচন আলম আৰু বিশাল নেৱাৰ ।

ছাপ'ৰ্টিং ষ্টাফ -

মেনেজাৰঃ প্ৰতিম হাজৰিকা,মুখ্য প্ৰশিক্ষকঃ কিৰণ পোৱাৰ,
সহকাৰী প্ৰশিক্ষকঃ আৰ.কে. যাদৱ আৰু প্ৰীতম দাস,
ট্ৰেইনাৰঃ ভাস্কৰ বৰা, ফিজিঅঃভীষ্ম প্ৰতাপ সিং, থ্ৰ'ডাউন বিশেষজ্ঞঃ বিবেক ছালুনখে, পাৰ্ফৰমেন্স এনালিষ্টঃবিকাশ ৰঞ্জন দাস আৰু মালিচকাৰীঃহৰি কৃষ্ণন ।

অসম ক্ৰিকেট সন্থাই দলটোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাৰ খেলবোৰত তেওঁলোকে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা কৰিছে ।অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *