“অস্মিতা খেলো ইণ্ডিয়া ইষ্ট জ’ন মহিলা ভাৰোত্তোলন লীগ “লৈ অসম দলৰ বাছনি

October 15, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

সন্মুখত "অস্মিতা খেলো ইণ্ডিয়া ইষ্ট জ'ন মহিলা ভাৰোত্তোলন লীগ "। দিছপুৰত অসম দলৰ বাছনি শিবিৰ । প্ৰায় ৪৫ গৰাকী মহিলা খেলুৱৈৰ অংশগ্ৰহণ।

অহা ৩০ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ বিহাৰৰ ৰাজগিৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব " অস্মিতা খেলো ইণ্ডিয়া ইষ্ট জ'ন মহিলা ভাৰোত্তোলন লীগ" । ইয়াৰ প্ৰাকক্ষণত বুধবাৰে দিছপুৰৰ অসম ভাৰোত্তোলন সন্থাৰ "প্ৰশিক্ষণ কেন্দ্ৰ"ত এদিনীয়াকৈ অনুষ্ঠিত হ'ল অসম দলৰ বাছনি শিবিৰ । অসম ভাৰোত্তোলন সন্থাৰ উদ্যোগত অনুষ্ঠিত এই বাছনি শিবিৰত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৪৫ গৰাকী মহিলা ভাৰোত্তোলকে । য়ুথ,জুনিয়ৰ আৰু ছিনিয়ৰ-তিনিটা শাখাতে মহিলা ভাৰোত্তোলক সকলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন "। এই শিবিৰৰ পৰাই ইষ্ট জ'নৰ বাবে য়ুথত ৮ গৰাকী, জুনিয়ৰত ৮ গৰাকী ,ছিনিয়ৰত ৮ গৰাকীসহ মুঠ ২৪ গৰাকী অসমৰ খেলুৱৈক বাছনি কৰা হয় । আনহাতে ইষ্ট জ'নৰ পৰাই পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগা "অস্মিতা খেলো ইণ্ডিয়া নেচনেল"ৰ বাবেও কৰা হ'ব খেলুৱৈ বাছনি ।
এই সন্দৰ্ভত জনালে অসম ভাৰোত্তোলন সন্থাৰ চি. ই. অ' ভৱজ্যোতি গোস্বামী-এ ।

অসম ভাৰোত্তোলন সন্থাৰ চি ই অ' ভৱজ্যোতি গোস্বামী-এ জনোৱা অনুসৰি
ইষ্ট জ'নত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন হ'ব অতি কঠিন । কাৰণ এই প্ৰতিযোগিতাত অসমৰ উপৰি থাকিব মণিপুৰ,উৰিষ্যা ,অৰুণাচলপ্ৰদেশ আদি অন্যতম শক্তিশালী ৰাজ্যৰ খেলুৱৈ ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আয়োজন কৰা "অস্মিতা খেলো ইণ্ডিয়া লীগ"ৰ পদক্ষেপক শলাগিলে ভৱজ্যোতি গোস্বামী-এ । এনে লীগে মহিলা খেলুৱৈসকলক ক্ৰীড়াঙ্গনত আগুৱাই নিয়াৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে তেওঁ ।

ক্ৰীড়া অনুৰাগীৰ আশা-- "অস্মিতা খেলো ইণ্ডিয়া ইষ্ট জ'ন ভাৰোত্তোলন লীগ"ত দুৰ্দান্ত হৈ উঠক অসমৰ মহিলা খেলুৱৈ । আগন্তুক "অস্মিতা খেলো ইণ্ডিয়া নেচনেল"ৰ বাবে বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক মহিলা খেলুৱৈ-এ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *