অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ছেমিলৈ আত্মবিশ্বাসী বৰাক লিজেণ্ডছ

August 20, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰাক লিজেণ্ডছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাছত বৃহস্পতিবাৰে খেলা অন্তিমখন লীগ মেচত ছয় উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ এই জয়ৰে দলে ১০ খন মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি তৃতীয় স্থানত থাকিল৷ ইফালে, তেজপুৰ টাইটানছে চাৰি পইণ্টৰে তালিকাৰ অন্তিম স্থানত থাকি ছিজন সামৰিলে৷

এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথম মেচখনত ১২০ ৰাণৰ বিজয়লক্ষ্য লিজেণ্ডছে ১৭ অভাৰতে চাৰি উইকেট হেৰুৱাই পূৰ্ণ কৰে৷ অধিনায়ক শিৱ শংকৰ ৰয়ে ৫৫ ৰাণৰ অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে য়াছাৰ আলীয়ে ৪৩ ৰাণ কৰে৷ উল্লেখ্য যে দলে ইনিংছ আৰম্ভ কৰিয়েই আঠ ৰাণত তিনিটা উইকেট হেৰুৱাইছিল৷ কিন্তু শিৱ শংকৰ আৰু য়াছাৰে ৯৬ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষ্যত উপনিত কৰায়৷ তেজপুৰৰ আয়ুষ্মান মালাকাৰে দুটা উইকেট পায়৷

ইয়াৰপূৰ্বে পোনতে বেটিং কৰি তেজপুৰ টাইটানছে নিৰ্ধাৰিত অভাৰৰ পূৰ্বেই ১৯.১ অভাৰত ১১৯ ৰাণত ইনিংছ সামৰে৷ বেটিং ব্যৰ্থতাৰ সন্মুখিন হোৱা টাইটানছৰ হৈ ডানিছ আহমেদে ৩১, ৰোচন টপ্ন’ই ২৩, ৱাছিম আক্ৰমে ২১ আৰু নিহাৰ ডেকা ১৯ ৰাণ কৰাৰ বিপৰীতে লিডেণ্ডছৰ হৈ আব্দুল আজিজ ১৮ ৰাণত তিনিটা উইকেট পায়৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰাক লিজেণ্ডছে ছয় উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছ

তেজপুৰ টাইটানছঃ ১৯.১ অভাৰত ১১৯-১০ [ডানিছ আহমেদ ৩১, ৰোচন টপ্ন’ ২৩, ৱাছিম আক্ৰম ২১, নিহাৰ ডেকা ১৯ ; আব্দুল আজিজ ১৮-৩, শেখৰজ্যোতি বৰ্মন ১৪-১]৷

বৰাক লিজেণ্ডছঃ ১৭ অভাৰত ১২০-৪ [শিৱ শংকৰ ৰয় অপঃ৫৫, য়াছাৰ আলী ৪৩ ৰাণ ; আয়ুষ্মান মালাকাৰ ২৯-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *