গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শনিবাৰে বৰাক লিজেণ্ডছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ মাজৰ দিনটোৰ প্ৰথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ ফলশ্ৰুতিত উভয় দলে এক পইণ্টকৈ লাভ কৰে৷
আঠ মেচৰ পৰা ১১ পইণ্ট অৰ্জন কৰি বৰাক লিজেণ্ডছ তালিকাৰ শীৰ্ষস্থানত উপনিত হৈছে৷ বিপৰীতে সমসংখ্যক মেচ খেলা চৰাইদেউ ছানৰাইজাৰ্ছে সাত পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে৷
টছ হাৰি পোনতে বেটিং কৰা বৰাক লিজেণ্ডছে নিৰ্ধাৰিত অভাৰত ছয় উইকেটত ১৭৭ ৰাণ কৰে৷ দলৰ দুই অপেনাৰ বিশাল সাহা [৫৪] আৰু শ্ৰাৱন খাউণ্ডে [৪৭] ৮১ ৰাণৰ যুটি বান্ধি সুন্দৰ আৰম্ভনি দিয়ে৷ শ্ৰাবনে তিনি ৰাণৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হয় যদিও কমলা টুপী অক্ষত ৰখা বিশালে চতুৰ্থটো অৰ্ধশতক পূৰ্ণ কৰে৷
উভয় বেটাৰ পেভিলিয়নমুখী হোৱাৰ পাছত লিজেণ্ডছৰ মধ্যক্ৰমৰ বেটাৰ ব্যৰ্থ হয় যদিও ইনিংছৰ শেষৰফালে আব্দুল আজিজে ১২ বলত অপৰাজিত ৩২ ৰাণ কৰি লিজেণ্ডছক সন্মানজনক স্থিতিত উপনিত কৰায়৷ ছানৰাইজাৰ্ছৰ ঋষভ দীপকে ২২ ৰাণত তিনিটা উইকেট পায়৷
প্ৰত্যুত্তৰত চৰাইদেউ ছানৰাইজাৰ্ছে ২.৫ অভাৰত ৩৫ ৰাণ কৰাৰ সময়তে বৰষুণ দিয়াত মেচখন বন্ধ হয়৷ সেইসময়ত দলৰ অপেনাৰ প্ৰদ্যুন শইকীয়াই ১৩ বলত ৩৩ ৰাণত বেটিং কৰি আছিল৷ তেওঁৰ লগত উইকেটত আছিল অধিনায়ক সুমিত ঘাডিগাওকাৰ [২]৷ মেচ পুনৰ আৰম্ভ নহোৱাত আম্পায়াৰে পৰিত্যক্ত ঘোষণা কৰে৷
সংক্ষিপ্ত স্ক’ৰঃ
বৰাক লিজেণ্ডছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ মেচ পৰিত্যক্ত
বৰাক লিজেণ্ডছঃ ২০ অভাৰত ১৭৭-৬ [বিশাল সাহা ৫৪, শ্ৰাৱন খাউণ্ড ৪৭, আব্দুল আজিজ ৩২ ; ঋষভ দীপক ২২-৩]৷
চৰাইদেউ ছানৰাইজাৰ্ছঃ ২.৫ অভাৰত ৩৫-০ [প্ৰদ্যুন শইকীয়াই অপঃ৩৩]৷


0 Comments