অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছক হৰুৱাই ফাইনেলত বৰপেটা ব্ৰেভছ

August 21, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰথমটো দলৰূপেফাইনেলত প্ৰৱেশ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত শুক্ৰবাৰে অনুষ্ঠিত লীগৰ প্ৰথমখন ছেমিফাইনেলত ব্ৰেভছে পাঁচ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছক৷ ১৩৫ ৰাণৰ বিজয়লক্ষ্য লৈ বেটিং কৰা ব্ৰেভছে পাঁচটা বল বাকী থাকোতেই পাঁচ উইকেটত ১৩৭ ৰাণ কৰি সহজ জয় অৰ্জন কৰে৷

ব্ৰেভছৰ এই জয়ৰ নায়ক হ’ল অপেনাৰ সৌৰভ মৌচম দিহিঙিয়া৷ গুৰুত্বপূৰ্ণ মেচখনত সৌৰভে ৬৩ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলক ফাইনেলত উপনিত কৰায়৷ উল্লেখ্য যে ইনিংছ আৰম্ভ কৰি দলে পাৱাৰ প্লেত ৪১ ৰাণত তিনিটা উইকেট হেৰুৱাই চাপত পৰিছিল যদিও সৌৰভ আৰু অভিলাস মৌড়িয়াই ৭৬ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষ্যত উপনিত কৰোৱাত মুখ্য ভুমিকা লয়৷ অভিলাস ৩৭ ৰাণত আউট হোৱাৰ বিপৰীতে সৌৰভে দৃঢ়তাৰে উইকেটত থাকি দলক বিজয় দিয়ে৷ ৱাৰিয়ৰ্ছৰ সিদ্ধাৰ্থ বৰুৱা আৰু দৌখো দাসে দুটাকৈ উইকেট পায়৷

ইয়াৰপূৰ্বে টছত জয় হৈ ব্ৰেভছৰ অধিনায়ক কুনাল শৰ্মাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে দূলীপ ট্ৰফীৰ বাবে ডেনিছ দাসে ছেমিফাইনেলৰ পূৰ্বে দল ত্যাগ কৰিছিল৷ শ্ল’ উইকেটৰ সুন্দৰ সুযোগ লৈ ব্ৰেভছৰ স্পীনাৰে নিয়ন্ত্ৰিত বলিং কৰি ৱাৰিয়ৰ্ছৰ বেটাৰক বান্ধি ৰখাৰ লগতে ধাৰাবাহিকভাবে উইকেটো দখল কৰিবলৈ সক্ষম হয়৷

ধীৰ গতিৰে ইনিংছ আৰম্ভ কৰা ৱাৰিয়ৰ্ছে পাৱাৰ প্লেত ৩০-ৰ ৰাণ কৰে৷ প্ৰথমে নাছিৰ উল্লাহ [২৬] আৰু পাছত ডিৱিজ পাঠকে [২৭] ইনিংছ গঢ় দিয়াৰ চেষ্টা কৰে যদিও নাছিৰ ৰাণ আউট তথা ডিৱিজ আৰু ৰিতুৰাজক ব্ৰেভছৰ স্পীনাৰ প্ৰাঞ্জলে বিদায় দি মেচ নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়৷ অন্য বেটাৰৰ ব্যৰ্থতাৰ মাজতে ৱাৰিয়ৰ্ছৰ উইকেটৰক্ষক আয়ুষ আগৰৱালাই অপৰাজিত ৪৫ ৰাণ কৰি দলৰ শতক পূৰ্ণ কৰে৷ ২৯ টা বল খেলা আয়ুষে তিনিটা ছিক্সাৰ মাৰে৷ নিৰ্ধাৰিত ২০ অভাৰত ৱাৰিয়ৰ্ছে সাত উইকেট হেৰুৱাই ১৩৪ ৰাণ কৰে৷ উল্লেখ্য যে মেচখনত ব্ৰেভছৰ আঠজন বলাৰে বলিং কৰে৷ প্ৰাঞ্জলে ২৭ ৰাণত দুটা উইকেট পায়৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে পাঁচ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছক

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ২০ অভাৰত ১৩৪-৭ [আয়ুষ আগৰৱাল অপঃ৪৫, ডিৱিজ পাঠক ২৭, নাছিৰ উল্লাহ ২৬ ; প্ৰাঞ্জল পল ২৭-২, শুভম গুপ্তা ১৪-১, বিকিৰন দাস ১৫-১]৷

বৰপেটা ব্ৰেভছঃ ১৯.১ অভাৰত ১৩৭-৫ [সৌৰভ দিহিঙিয়া অপঃ৬৩, অভিলাস মৌড়িয়া ৩৭ ; সিদ্ধাৰ্থ বৰুৱা ২৭-২, দৌখো দাস ৩৩-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *