অসম প্ৰিমিয়াৰ লীগ,বৰপেটা ব্ৰেভছৰ জয়ঃ আশাহত ৰেঞ্জাৰ্ছ, ষ্টেলিয়নছ, টাইটানছ

August 16, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে নিশা হোৱা মেচখনত বৰপেটা ব্ৰেভছে ভি জে ডি পদ্ধতিৰে ১৪ ৰাণত নগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আঠখন মেচৰ পৰা ১০ পইণ্ট অৰ্জন কৰি তালিকাৰ চতুৰ্থত নিজৰ স্থান অক্ষুন্ন ৰাখিছে৷ ইফালে, ব্ৰেভছৰ এই বিজয়ে নগাঁও ৰেঞ্জাৰ্ছৰ লগতে যোৰহাট ষ্টেলিয়নছ আৰু তেজপুৰ টাইটানছৰ ছেমিফাইনেলত প্ৰৱেশৰ আশা সমাপ্ত কৰিলে৷

১৩৪ ৰাণৰ বিজয়লক্ষ্য লৈ বেটিং কৰা ব্ৰেভছে ১৬ অভাৰত এক উইকেট হেৰুৱাই ১০৯ কৰাৰ সময়তে বৰষুণ দিয়াত মেচ বন্ধ হয়৷ সেইসময়ত ভি জে ডি পদ্ধতি অনুসৰি ব্ৰেভছক প্ৰয়োজন আছিল ৯৫ ৰাণ৷ কায্যতঃ দল ১৪ ৰাণত আগুৱাই থকাত বিজয় নিশ্চিত হয়৷ ব্ৰেভছৰ হৈ অধিনায়ক ডেনিছ দাসে অপৰাজিত ৪৬ ৰাণ কৰাৰ লগতে তেওঁৰ স’তে উইকেটত থকা সৌৰভ দিহিঙিয়াই ৪০ ৰাণত বেটিং কৰি আছিল৷ একমাত্ৰ বেটাৰৰূপে আউট হোৱা হৃষিকেশ দাসে ২১ ৰাণ কৰে৷

গুৰুত্বপূৰ্ণ মেচখনত নগাঁও ৰেঞ্জাৰ্ছৰ অধিনায়ক সুমিত কাশ্যপে টছ হাৰি প্ৰথমে বেটিং কৰিবলৈ ব্যধ্য হয়৷ দলৰ হৈ ইনিংছ মুকলি কৰা সুমিত [১] ৰ লগতে সৌম্যদ্বীপ দাস [৮] দলীয় স্ক’ৰ দহ ৰাণতে পেভিলিয়নমুখী হয়৷ ধ্ৰুৱ ৰাজ বৰাই দৃঢ়তা প্ৰদৰ্শন কৰে যদিও ২০ ৰাণ কৰি বিদায় লয়৷

ৰেঞ্জাৰ্ছৰ অৱস্থা অধিক শোচনীয় হ’লহেতেন যদিহে জিতু আলীয়ে অপৰাজিত ৭৬ ৰাণৰ ইনিংছটো নেখেলিলেহেঁতেন৷ ৪৮ বলৰ সন্মুখীন হোৱা জিতুই সাতটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ মাৰে৷ কিন্তু তেওঁক এজন বেটাৰেও যোগ্য সহযোগ দিব নোৱাৰিলে৷ ২০ অভাৰত ছয় উইকেটত ১৩৩ ৰাণ কৰি ইনিংছ সামৰে ৰেঞ্জাৰ্ছে৷ ব্ৰেভছৰ বিকিৰণ দাসে ১৮ ৰাণত দুটা উইকেট পায়৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত নগাঁও ৰেঞ্জাৰ্ছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে ১৪ ৰাণত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক

নগাঁও ৰেঞ্জাৰ্ছঃ ২০ অভাৰত ১৩৩-৬ [জিতু আলী অপঃ৭৬, ধ্ৰুৱ ৰাজ বৰা ২০ ; বিকিৰণ দাস ১৮-২]৷

বৰপেটা ব্ৰেভছঃ১৬ অভাৰত ১০৯-১ [ডেনিছ দাস অপঃ৪৬, সৌৰভ দিহিঙিয়া অপঃ৪০, হৃষিকেশ দাসে ২১ ; অভিজ্যোৎ সিং ১৪-১]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *