গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুই নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত সোমবাৰৰ পৰা আৰম্ভ হোৱা বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত চমকপ্ৰদ জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত সুদীৰ্ঘ ১৭ বছৰ পাছত পুনৰ দেশত অনুষ্ঠিত প্ৰতিযোগিতাৰখনৰ সোমবাৰে মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধুৱে ২১-৭, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে আয়াৰলেণ্ডৰ ছফিয়া ন’বেলক৷
বিশ্ব বেডমিণ্টনত ইতিমধ্যে সোণসহ পাঁচটা পদক জয় কৰা সিন্ধুক প্ৰথম ৰাউণ্ডৰ মেচ জয়ৰ বাবে প্ৰয়োজন হয় মাত্ৰ ২৯ মিনিট৷ শেহতীয়াকৈ জাপান অ’পেনৰ খিতাপে যে সিন্ধুক আত্মবিশ্বাসী কৰিছে সেয়া কৰ্টত প্ৰতিটো শ্বটতে প্ৰতিফলিত হয়৷ স্মৰ্তব্য যে এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি চীনৰ জাং নিঙৰ সমানে মহিলাৰ এককত সৰ্বাধিক পদক লাভৰ অভিলেখ গঢ়া ২০১৯ ৰ বিশ্ব বেডমিণ্টনৰ সোণ জয়ী সিন্ধুৱে এইবাৰ নতুন অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰতিযোগিতাত খেলিছে৷ ঘৰুৱা অনুৰাগীৰ সন্মুখত কেৰিয়াৰৰ ষষ্ঠ নম্বৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ পদক জয়ৰ সপোন সিন্ধুৰ৷
ইয়াৰপূৰ্বে ভাৰতৰ পুৰুষৰ ডাবলছ যুটি এম আৰ অৰ্জুন আৰু হৰিহৰণে প্ৰতিযোগিতাত দেশৰ হৈ প্ৰথমখন খেলত অংশ লৈ জয়ৰে সুন্দৰ আৰম্ভণি কৰে৷ ৰাউণ্ড অব ৬৪ ৰ মেচত অৰ্জুন-হৰিহৰণে ২৭ মিনিটতে আয়াৰলেণ্ডৰ যুটি স্কট গিল্ডিয়া আৰু পল ৰেইনল্ডছৰ বিৰুদ্ধে জয়ী হৈ পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ প্ৰথম ছেট ২১-১৬ ত দখল কৰা ভাৰতীয় যুটিটোৱে দ্বিতীয় ছেটত ৬-৪ ৰ অগ্ৰগতি লাভ কৰাৰ সময়তে আঘাতৰ বাবে কৰ্ট ত্যাগ কৰে আয়াৰলেণ্ডৰ শ্বাটলাৰদ্বয়ে৷
পুৱাৰ প্ৰত্যাশিত আৰম্ভণিক আবেলি ঘৰুৱা দৰ্শকৰ বাবে অধিক উৎসাহজনক কৰি তোলে মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে৷ প্ৰথম ৰাউণ্ডৰ মেচত স্পেইনৰ প’লা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজক ২১-৯, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় যুটিটোৱে৷ দুবাৰৰ অল ইংলেণ্ডৰ ছেমিফাইনেলিষ্ট গায়ত্ৰী আৰু তৃষাই ৩৩ মিনিটত মেচ জয় কৰি পৰবৰ্তী ৰাউণ্ডলৈ আত্মবিশ্বাস বৃদ্ধি কৰে৷


0 Comments