অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ প্ৰথম পৰাজয়, শীৰ্ষত উপনীত গুৱাহাটী ৰয়েলছ

August 10, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটী ৰয়েলছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত সোমবাৰে নিশা অনুষ্ঠিত মেচত ৫ উইকেটত ডিব্ৰুগড় ৱাৰিয়ৰ্ছক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ১২২ ৰাণৰ বিজয়লক্ষ্য লৈ বেটিং কৰা ৰয়েলছে ১৬.১ অভাৰতে ৫ উইকেট হেৰুৱাই জয় অৰ্জন কৰে৷ ইফালে, ক্ৰমাগত চাৰিখনত অপৰাজেয় হৈ শীৰ্ষত থকা ৱাৰিয়ৰ্ছৰ এয়া প্ৰথম পৰাজয়৷ উভয় দলৰ লগতে ব্ৰেভছৰো ৮ পইণ্ট যদিও ৰাণৰেটৰ বাবে ডিব্ৰুগড় দ্বিতীয় স্থানত আছে৷

ল’ স্ক’ৰিং মেচখনত ৰয়েলছৰ আৰম্ভণিও ৱাৰিয়ৰ্ছৰ দৰে সুখৰ নাছিল৷ অধিনায়ক ঋষভ দাসসহ দলৰ প্ৰথম তিনিজন বেটাৰ ১৯ ৰাণতে পেভিলিয়নমুখী হয়৷ কিন্তু অপেনাৰ ৰোহিত সেন আৰু নিবিৰ ডেকাই চতুৰ্থ উইকেটত ৬০ ৰাণৰ যুটি বান্ধি দলক বিজয় লক্ষ্যত উপনিত কৰায়৷ ৰোহিতে ২৯ বলত দৰ্শনীয় ৪৬ কৰাৰ বিপৰীতে ২৮ টা বল খেলি নিবিৰে অপৰাজিত ৪০ ৰাণ কৰে৷ ডিব্ৰুগড়ৰ দৌখো দাসে ২০ ৰাণত তিনিটা উইকেট পায়৷

ইয়াৰ পূৰ্বে টছত জয়ী হৈ ৰয়েলছৰ অধিনায়ক ঋষভ দাসে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ গুৱাহাটীৰ বলাৰে সঠিক লাইনত বলিং কৰি ৱাৰিয়ৰ্ছৰ বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম হয়৷ দুই অপেনাৰ পাৰভেজ আৰু ৰোনিতৰ লগতে অধিনায়ক ছাহিল জৈনসহ প্ৰথম চাৰিটা উইকেট ডিব্ৰুগড়ে ৩৭ ৰাণতে হেৰুৱায়৷

কিন্তু জিতুমনি কলিতাই [৩৯] জয় বৰা [৩২] লগত ৫৪ ৰাণৰ যুটি বান্ধি ৱাৰিয়ৰ্ছৰ স্ক’ৰ এশ পাৰ কৰায়৷ দলৰ অন্য বেটাৰে কিন্তু উইকেটত খোপনি পুতিব নোৱাৰিলে৷ ১৯ অভাৰতে ১২১ ৰাণত ইনিংছ সামৰে ডিব্ৰুগড়ে৷ গুৱাহাটীৰ বাস্তব, মৃন্ময়, নিপেন আৰু দীপকে দুটাকৈ উইকেট দখল কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ মংগলবাৰে দিনৰ ২ হ’বলগা প্ৰথমখন খেলত গুৱাহাটী ৰয়েলছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
গুৱাহাটী ৰয়েলছে পাঁচ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছক

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ১৯ অভাৰত ১২১-১০ [জিতুমনি কলিতাই ৩৯, জয় বৰা ৩২ ; নিপন ডেকা ১৪-২ , বাস্তৱ ৰয় ১৬-২, দীপক গোহাই ২৩-২, মৃন্ময় দত্ত ৩২-২]৷

গুৱাহাটী ৰয়েলছঃ ১৬.১ অভাৰত ১২২-৫ [ৰোহিত সেন ৪৬, নিবিৰ ডেকা অপঃ৪০ ; দৌখো দাস ২০-৩]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *