অসম প্ৰিমিয়াৰ লীগঃনগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আত্মবিশ্বাসৰে ছেমিলৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

August 20, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

ডিব্ৰুগড় ৱাৰিয়ৰ্ছে উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ অন্তিম লীগ মেচখনত ৰোমাঞ্চকৰ এক ৰাণত জয়লাভ কৰি আত্মবিশ্বাসৰে ছেমিফাইনেললৈ সাজু হৈছে৷ বৃহস্পতিবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত মেচখনত দলে কম ৰাণ কৰাৰ পাছতো দৰ্শনীয় বলিং আৰু ফিল্ডিঙৰ লগতে চাপ নিয়ন্ত্ৰণ কৰি নগাঁও ৰেঞ্জাৰ্ছক পৰাস্ত কৰে৷

বৰষুণৰ বাবে মেচখন নিৰ্ধাৰিত সময়তকৈ পলমকৈ আৰম্ভ হয়৷ আনহাতে, অভাৰৰ ২০ পৰা হ্ৰাস কৰি ১৮ কৰা হয়৷ পোনতে বেটিং কৰা ডিব্ৰুগড় ৱাৰিয়ৰ্ছে ইনিংছৰ আৰম্ভণিৰ পৰাই উইকেট হেৰুৱাই ৰাণ সংগ্ৰহৰ বাবে সংগ্ৰাম কৰিব লগা হয়৷ উইকেটৰক্ষক বেটাৰ আয়ুষ আগৰৱালাই ৫২ ৰাণ কৰাৰ বাদে অন্য বেটাৰ ব্যৰ্থ হয়৷

নিৰ্ধাৰিত অভাৰত ৱাৰিয়ৰ্ছে আঠ উইকেট হেৰুৱাই ১২১ ৰাণ কৰে৷ নগাঁও ৰেঞ্জাৰ্ছৰ পেচাৰ সুনীল লাচিতে ২৩ ৰাণত চাৰিটা উইকেট পায়৷ আনহাতে, ভাৰ্গৱ দত্তই দুটা উইকেট লাভ কৰে৷

প্ৰত্যুত্তৰত, ১২২ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি নগাঁও ৰেঞ্জাৰ্ছে ন উইকেটত ১২০ ৰাণ কৰি পৰাজয়ৰে ছিজন সামৰিলে৷ উল্লেখ্য যে দল ইতিমধ্যে ছেমিফাইনেলৰ দৌৰৰ পৰা আঁতৰি আহিছিল৷ আজিও দলে ইনিংছৰ আৰম্ভনিতে বেটিং বিপৰ্যয়ৰ সন্মুখিন হয়৷ কিন্তু জিতু আলী [৩৮] আৰু অনুৰাগ তালুকদাৰে [৩৩] ইনিংছৰ মধ্যভাগত দলৰ জয়ৰ আশা সজীৱ কৰিছিল৷ উভয় বেটাৰৰ বিদায়ৰ পাছত নগাঁও চাপৰ সন্মুখিন হয়৷ ডিব্ৰুগড়ৰ ৰঞ্জন বিকাশ দাসে ২৩ ৰাণত তিনিটা তথা ৰিতুৰাজ বিশ্বাসে নৰাণত দুটা উইকেট পায়৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ শুক্ৰবাৰে ছেমিফাইনেলৰ মেচ দুখন অনুষ্ঠিত হ’ব৷ তালিকাৰ শীৰ্ষ দল গুৱাহাটী ৰয়েলছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে বৰপেটা ব্ৰেভছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ মুখামুখি হ’ব৷

সংক্ষিপ্ত স্ক’ৰঃ
ডিব্ৰুগড় ৱাৰিয়ৰ্ছে এক ৰাণত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ১৮ অভাৰত ১২১-৮ [আয়ুষ আগৰৱালা ৫২ ; সুনীল লাচিত ২৩-৪, ভাৰ্গব দত্ত ২৪-২]৷

নগাঁও ৰেঞ্জাৰ্ছঃ ১৮ অভাৰত ১২০-৯ [জিতু আলী ৩৮, অনুৰাগ তালুকদাৰ ৩৩ ; ৰঞ্জন বিকাশ দাস ২৩-৩, ৰিতুৰাজ বিশ্বাস ৯-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *