“বিশ্ব জুডো দিৱস”ত গুৱাহাটী জুডো কাউন্সিলৰ অংগীকাৰ

October 29, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীত "বিশ্ব জুডো দিৱস" উদযাপন । জুডোৰ প্ৰতিস্থাপক জিগ'ৰ' কানোক স্মৰণ। উপস্থিত জুডো ফেডাৰেছন অৱ ইণ্ডিয়াৰ সচিব বাণীব্ৰত দাস। খেলুৱৈৰ হাতেৰে কেক কাটি "বিশ্ব জুডো দিৱস" পালন।

গুৱাহাটী জুডো কাউন্সিলৰ উদ্যোগত গুৱাহাটী পানবজাৰস্থিত "জি.জে.চি. জুডো একাডেমী ডনবস্কো চেন্টাৰ"ৰ জুডো হ'লত বুধবাৰে সন্ধিয়া উদযাপন কৰা হয় -বিশ্ব জুডো দিৱস। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিল জুডো ফেডাৰেছন অৱ ইণ্ডিয়াৰ সচিব তথা অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস । খেলুৱৈ ,প্ৰশিক্ষক , অভিভাৱক , অসম জুডো সন্থা তথা গুৱাহাটী জুডো কাউন্সিলৰ বিষয়-ববীয়াৰ উপস্থিতিত কেক কাটি "বিশ্ব জুডো দিৱস" কৰা হয় উদযাপন। জুডোৰ প্ৰতিস্থাপক জিগ'ৰ' কানোক ওপজাদিনত স্মৰণ কৰাৰ লগতে খেলুৱৈসকলৰ উদ্দেশ্যি "বিশ্ব জুডো দিৱস"ৰ তাপৰ্যৰ কথা অৱগত কৰে বাণীব্ৰত দাসে।

১৮৬০ চনৰ ২৮ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল জুডোৰ প্ৰতিস্থাপক জিগ'ৰ' কানো-এ। তেওঁৰ প্ৰচেষ্টাতে ১৮৮২ চনত প্ৰতিস্থা লাভ কৰিছিল "জুডো" ক্ৰীড়াই। পিছলৈ ১৯৬৪ চনত পোনপ্ৰথবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত হৈছিল জুডো।
জুডোৰ প্ৰতিস্থাপকৰ প্ৰতি শ্ৰদ্ধা জনাই ২০১১ চনৰ পৰা "ইন্টাৰনেচনেল জুডো ফেডাৰেছন"- এ জিগ'ৰ' কানোৰ জন্মদিনটো "বিশ্ব জুডো দিৱস" হিচাপে পালন কৰি আহিছে ।

" অলিম্পিক, ৱ'ল্ড চেম্পিয়নশ্বিপ আদিৰ দৰে প্ৰতিযোগিতাত পদকজয়ৰ লক্ষ্য খেলুৱৈসকলে সৰুৰ পৰাই নিৰ্ধাৰণ কৰিব লাগিব"- বিশ্ব জুডো দিৱসত এই মন্তব্য জুডো ফেডাৰেছন অৱ ইণ্ডিয়াৰ সচিব বাণীব্ৰত দাসৰ। তদুপৰি আন্তঃৰাষ্ট্ৰীয় জুডো খেলুৱৈ তথা জি.জে চি. জুডো একাডেমী ডনবস্কো চেন্টাৰৰ মুখ্য প্ৰশিক্ষক সৌন্দৰ্য প্ৰসাদ চলিহাৰ তত্বাবধানত প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হ'ব বুলি আশাবাদী বাণীব্ৰত দাস।

গুৱাহাটী জুডো কাউন্সিলৰ প্ৰথম পদক্ষেপ হিচাপে গঢ়ি তোলা হয় "জি জে চি জুডো একাডেমী ড'নবস্কো চেন্টাৰ"।
গুৱাহাটী জুডো কাউন্সিলৰ পৰৱৰ্তী লক্ষ্য হ'ল আগন্তুক ৫ বা ১০ বছত একাডেমীৰ সংখ্যা বৃদ্ধি কৰা। বৰ্তমান জি.জে.চি. জুডো একাডেমী ড'নবস্কো চেন্টাৰত মুখ্য প্ৰশিক্ষক ৰূপে সৌন্দৰ্য প্ৰসাদ চলিহা থকাৰ বিপৰীতে প্ৰশিক্ষক ছেলিম আনচাৰী , নিউট্ৰেচন -ফিটনেছ ট্ৰেইনাৰ ৰূপে আছে মানৱ দেৱ। সকলোৰে সন্মলিত প্ৰচেষ্টাত প্ৰতিভাধৰ খেলুৱৈ সৃষ্টি কৰিবলৈ "বিশ্ব জুডো দিৱস"ত অংগীকাৰ ল'লে গুৱাহাটী জুডো কাউন্সিলৰো সাধাৰণ সম্পাদক সৌন্দৰ্য প্ৰসাদ চলিহাই । লগতে তেওঁ উল্লেখ কৰিলে যে -"জুডো নহয় মাথোন এটি খেল,ই হ'ল জীৱনৰ অংগ"।

ক্ৰীড়া অনুৰাগীৰ আশা-"বিশ্ব জুডো দিৱস"ত জিগ'ৰ' কানোৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক নৱপ্ৰজন্ম।
"জি.জে.চি জুডো একাডেমী ডনবস্কো চেন্টাৰ"ত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ জুডো ক্ষেত্রত সূচনা কৰক নতুন দিগন্তৰ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *