অসম প্ৰিমিয়াৰ লীগঃদেওবাৰৰ ফাইনেলত গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

August 21, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ফাইনেল মেচখন গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছৰ মাজত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ শুক্ৰবাৰে হোৱা দ্বিতীয়খন ছেমিফাইনেলত গুৱাহাটী ৰয়েলছে ৭ উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক৷

বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নৈশালোকত হোৱা মেচখন বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ পলমকৈ অনুষ্ঠিত হয়৷ সেয়ে অভাৰ হ্ৰাস কৰি ২০ ৰ পৰিবৰ্তে ১১ কৰা হয়৷ লিজেণ্ডছে দিয়া ৯৭ ৰাণৰ বিজয়লক্ষ্য ৰয়েলছে ৯.১ অভাৰতে তিনিটা উইকেট হেৰুৱাই পূৰ্ণ কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

ৰয়েলছৰ হৈ অপেনাৰ ৰোহিত সেনে বিস্ফোৰক ৬২ ৰাণ কৰে৷ উইকেটৰক্ষক বেটাৰজনে ২৬ টা বল খেলি তিনিটা ছিক্সাৰ আৰু আঠটা বাউণ্ডেৰী মাৰে৷ ৪৫৩ ৰাণেৰে কমলা টুপীও নিজৰ দখলতে ৰাখে যুৱ বেটাৰজনে৷

উল্লেখ্য যে প্ৰায় ডেৰ ঘণ্টা বৰষুণ দিয়াৰ পাছত অনুষ্ঠিত হোৱা মেচখনত ৰয়েলছৰ অধিনায়ক ঋষভ দাসে টছত জয়ী হৈ উইকেট আৰু পৰিৱেশৰ সুবিধা লোৱাৰ সুযোগ এৰি নিদি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ দলৰ পেচাৰ বাস্তৱ ৰয়ে লিজেণ্ডছৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰাৰ লগতে নটা বলত দুই অপেনাৰসহ প্ৰথম তিনিগৰাকী বেটাৰক পেভিলিয়নৰ বাট দেখুৱায়৷ তেওঁৰ চিকাৰ হয় ফৰ্মত থকা বিশাল সাহা, শ্ৰৱন কুমাৰ আৰু শুভম মণ্ডল৷

বৰাকৰ অধিনায়ক শিৱ শংকৰ ৰয়ে [১৭] ইনিংছ গঢ় দিয়াৰ চেষ্টা কৰে যদিও মৃন্ময় দত্তৰ বলত আউট হয়৷ আনহাতে, ৰয়েলছৰ স্পীনাৰ দীপক গোঁহাই আৰু অলৰাউণ্ডাৰ নিপেন ডেকাই দুটাকৈ উইকেট দখল কৰি লিজেণ্ডছৰ ইনিংছ ৯৬-৯ ৰাণতে সমাপ্ত কৰে৷

সংক্ষিপ্ত স্ক’ৰঃ
গুৱাহাটী ৰয়েলছে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক

বৰাক লিজেণ্ডছঃ ১১ অভাৰত ৯৬-৯ [হৰ্ষ কুমাৰ ১৮, শিৱ শংকৰ ১৭, ভাৰ্গৱ প্ৰতীম ১৫ ; বাস্তৱ ৰয় ১৮-৩, দীপক গোহাই ৭-২, নিপেন ডেকা ১৫-২]৷

গুৱাহাটী ৰয়েলছঃ ৯.১ অভাৰত ৯৭-৩ [ৰোহিত সেন ৬২, নিবিৰ ডেকা অপঃ১২ ; মোহিত ঠাকুৰ ১৭-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *