“এচিএ ক্ৰিকেট একাডেমী”ত দেশৰ ভিতৰতে অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেটৰ সুবিধা উদ্বোধন

September 11, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ৰাজ্যৰ ক্ৰিকেট আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি খেলুৱৈসকলক বছৰজোৰা প্ৰশিক্ষণ, খেলুৱৈৰ বিকাশ, ফিটনেছ আৰু আৰোগ্যৰ বাবে আধুনিক পৰিৱেশ প্ৰদানেৰে উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা "এ চি এ ক্ৰিকেট একাডেমী"ত শুক্ৰবাৰে ভাৰতৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট কেন্দ্ৰ মুকলি কৰা হয় ।

এচিএৰ সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, এপেক্স কাউন্সিলৰ সদস্য মুকুটানন্দ ভট্টাচাৰ্য আৰু অন্যান্য বিষয়-ববীয়াৰ উপস্থিতিত মুখ্য অতিথি, বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এই ইনড’ৰ সুবিধা উদ্বোধন কৰে ।

প্ৰায় ১৭,০০০ বৰ্গফুট অঞ্চল আগুৰি থকা এই ইনড’ৰ সুবিধাটোত ৯ টা ক্ৰিকেট উইকেট আছে । তাৰে চাৰিটা স্পিন উইকেট আৰু আন ৫ টা ছিম উইকেট । খেলুৱৈয়ে বিভিন্ন খেলৰ পৰিৱেশ-পৰিস্থিতিত প্ৰশিক্ষণ ল’ব পৰাকৈ ইয়াত বিদেশৰ পৰা অনা ইউনিটাৰ্ফো মজুত আছে । ইয়াত পুৰুষ আৰু মহিলাৰ পৃথক চেঞ্জিং ৰুমৰ ব্যৱস্থা কৰা হৈছে, দুয়োটা চেঞ্জিং ৰুমতে আইচ বাথৰ সুবিধা উপলব্ধ, যাতে প্ৰশিক্ষণৰ পিছৰ আৰোগ্য লাভৰ ক্ষেত্ৰত সহায়ক হয় । আধুনিক সা-সুবিধাৰে ১৫০০ বৰ্গফুটৰ এটা জিমনেছিয়ামো ইয়াত আছে । লগতে ছাউনা আৰু ষ্টিম ৰূমকে ধৰি বিশেষ আৰোগ্য আৰু সুস্থতাৰ সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে । কেন্দ্ৰটোত খেলুৱৈৰ পুনৰ্বাসন, আঘাত ব্যৱস্থাপনা আৰু আৰোগ্যৰ বাবে এক আধুনিক ফিজিঅ’থেৰাপিৰ সুবিধাও আছে, যিয়ে খেলুৱৈসকলক তেওঁলোকৰ অন-ফিল্ড প্ৰশিক্ষণৰ বাহিৰেও বিভিন্ন দিশে ব্যাপক সহায় প্ৰদান কৰিব ।

"খেলুৱৈসকলৰ শিক্ষণ, প্ৰশিক্ষণ আৰু অগ্ৰগতিৰ সঠিক পৰিৱেশ সৃষ্টিৰ বাবে আধুনিক ক্ৰিকেটৰ আন্তঃগাঁথনিৰ বিকাশ অতি প্ৰয়োজনীয় । এচিএ ক্ৰিকেট একাডেমীৰ এই নতুন ইনড’ৰ ক্ৰিকেটৰ সুবিধাই একেখন চালিৰ তলত গুণগত ক্ৰিকেট টাৰ্ফ, ফিটনেছ, আৰোগ্য আৰু ফিজিঅ’থেৰাপিৰ সুবিধাসমূহ একত্ৰিত কৰিছে । মই নিশ্চিত যে এই সুবিধাই অসমৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলক প্ৰভূত সহায় কৰাৰ লগতে তেওঁলোকৰ দীৰ্ঘম্যাদী উন্নয়নত অৰিহণা যোগাব ।’- এনেদৰে কয় বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই ।

নতুন এই ইনডৰ আন্তঃগাঠনি-এ নিশ্চয়কৈ বতৰৰ পৰিস্থিতি নিৰ্বিশেষে গোটেই বছৰটো নিৰৱচ্ছিন্ন প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে এচিএ ক্ৰিকেট একাডেমীক গাঁথনিগত প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ অধিক পৰিসৰ প্ৰদান কৰিব । এই সুবিধাই খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা পৰিশোধন, শাৰীৰিক প্ৰস্তুতি বজাই ৰখা আৰু উচ্চ পৰ্যায়ত প্ৰতিযোগিতামূলক ক্ৰিকেটৰ বাবে যথোচিত প্ৰস্তুতি চলোৱাত সহায় কৰিব ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *