আজি বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ হাইভল্টেজ মেচ

September 29, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ হাইভল্টেজ মেচ। গুৱাহাটীত উপস্থিত দুয়ো দলৰ তাৰকা খেলুৱৈ । গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি । ৩০ ছেপ্তেম্বৰৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা ।

ক্ৰিকেটপ্ৰেমীৰ বহু অপেক্ষাৰ অন্ত পৰিল । অহা ৩০ ছেপ্তেম্বৰত বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনায়া শৃংখলাৰ দ্বিতীয়খন মেচ । সোমবাৰে সন্ধিয়া দুয়োটা দলৰ খেলুৱৈ গুৱাহাটীত আহি উপস্থিত হৈছে। হাজাৰ হাজাৰ অনুৰাগীয়ে প্ৰিয় তৰকা খেলুৱৈসকলক অসমভূমিলৈ জনালে স্বাগতম । "বিৰাট বিৰাট " শব্দত মুখৰিত হ'ল গুৱাহাটী বিমানবন্দৰৰ চৌপাশ । কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে দুয়োটা দলৰ খেলুৱৈক লৈ যোৱা হয় গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লু'লৈ ।

ইফালে প্ৰতিযোগিতাৰ পূৰ্বে সোমবাৰে এচিএ ষ্টেডিয়ামৰ ৯১ য়াৰ্ডছ ক্লাবত অসম ক্ৰিকেট সন্থা আৰু যান-বাহন আৰক্ষীয়ে যুটীয়া ভাৱে সম্বোধন কৰিলে এখনি সংবাদমেল । সংবাদমেলত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰমেন দত্ত,এচিএৰ প্ৰাক্তন উপ-সভাপতি তথা ভেন্যু চিকিউৰিটি ইনচাৰ্চ পৰীক্ষিত দক্ত আৰু ট্ৰেফিকৰ এ.ডি.চি.পি. মৃন্ময় গোস্বামী । সংবাদমেলত জনোৱা অনুসৰি দৰ্শকে ষ্টেডিয়াম ভিতৰলৈ নিব পাৰিব কেৱল মাণিবেগ আৰু ম'বাইল ফোন । খেল আৰম্ভ হোৱাৰ ২ ঘন্টাৰ পূৰ্বে অথাৎ ১২ বজাত মুকলি কৰি দিয়া হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ । দৰ্শকৰ সমাগমৰ ওপৰত নিৰীক্ষণ কৰি মেচ আৰম্ভ হোৱাৰ আঢ়ৈ ঘন্টাৰ পূৰ্বে খুলি দিয়া হ'ব ৫ আৰু ৬ নম্বৰ গেট ।

ইফালে ,বহু প্ৰতিক্ষিত মেচখন বুধবাৰে আৰম্ভ হ'ব দিনৰ দুই বজাৰ পৰা । দৰ্শকে যাতে নিয়ম-শৃংখলা বজাই ৰাখি মেচখন উপভোগ কৰিব পাৰে,তাৰবাবে যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা । বুধবাৰে দিনৰ ১০ বজাৰ পৰা এ কে আজাদ ৰোড,এ কে দেৱ ৰোড আৰু কুল বসুমতাৰী ৰোডত বাণিজ্যিক বাহন আৰু শ্লো মুভিং বাহনৰ চলাচল বন্ধ থাকিব । এই সম্পৰ্কে জনালে ট্ৰেফিকৰ এ ডি চি পি মৃন্ময় গোস্বামীয়ে ।

দৰ্শকৰ বাবে যোৱা ৪ ছেপ্তেম্বৰতে মুকলি কৰি দিয়া হৈছিল মেচৰ টিকট । ২৮ ছেপ্তেম্বৰ পৰ্যন্ত ২০ হাজাৰ টিকট বিক্ৰী হৈছে । বুধবাৰে এখন ষ্টেডিয়াম ভৰ্তি মেচ অনুষ্ঠিত হ'ব বুলি আশাবাদী অসম অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰমেন দত্ত ।

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলটোৱে মংগলবাৰে অনুশীলন নকৰে ।ইয়াৰ বিপৰীতে সন্ধিয়া ৫.৩০ পৰা ৮.৩০ বজালৈ বৰ্ষাপাৰাত অনুশীলন কৰিব ৱেষ্ট ইণ্ডিজ দলে । ইফালে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত শতকীয় ইনিংছ খেলিলে বিৰাট কোহলী আৰু শুভমন গীলে । আনহাতে, ২০১৮ চনত বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই কোবাইছিল শতৰাণ । ২০২৬ বৰ্ষতো বৰ্ষাপাৰাত ৰোহিত-বিৰাটৰ পৰা এনে এক শতকীয় ইনিংছ আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *