গুৱাহাটী ,৯ নৱেম্বৰঃ আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দললৈ নিৰ্বাচিত হোৱা জিন্টিমণি কলিতাক অসম ক্ৰিকেট সন্থাই আন্তৰিক অভিনন্দন জনাইছে । সোঁহতীয়া মধ্যম বেগী বলাৰ আৰু বাওঁহতীয়া বেটাৰ জিন্টিমণিৰ ছিনিয়ৰ জাতীয় দললৈ এই নিৰ্বাচন স্বাভাৱিকতে তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হিচাপে বিবেচিত হৈছে । ভাৰতীয় মহিলা দলটোৱে অহা ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰি এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত অংশগ্ৰহণ কৰিব ।
এ চি এই আশা প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট যাত্ৰাত এই গুৰুত্বপূৰ্ণ পদক্ষেপ আগুৱাই নিয়াৰ লগতে জিন্টিমণিয়ে অবিৰত সফলতাও অব্যাহত ৰাখিব । তেওঁৰ এনে কৃতিত্ব সমগ্ৰ অসমৰ উচ্চাকাংক্ষী ক্ৰিকেটাৰৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰব ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments