অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে যোৰহাট ষ্টেলিয়নছৰ জয়

August 18, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ মংগলবাৰে নিশা অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন মেচত যোৰহাট ষ্টেলিয়নছে তিনি উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ অৱশ্যে উভয় দল ছেমিফাইনেলৰ দৌৰৰ পৰা ইতিপূৰ্বে আঁতৰি অহাত এই মেচ লীগৰ সমীকৰণৰে কাৰ্যতঃ গুৰুত্বহীন আছিল৷

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পোনতে বেটিং কৰি তেজপুৰ টাইটানছে ২০ অভাৰত আঠ উইকেট হেৰুৱাই ১৫৬ ৰাণ কৰে৷ দলৰ হৈ ৱাছিম আক্ৰমে ৩৭, নিহাৰ ডেকাই ৩২ আৰু ডানিছ আহমেদে ২১ ৰাণ কৰি গুৰুত্বপূৰ্ণ অবদান আগবঢ়ায়৷ ষ্টেলিয়নছৰ হৈ ৰেজাকুদ্দিন আহমেদে ২৮, বেদান্ত পাণ্ডে ৩১ আৰু মণ্টু যাদবে ৩২ ৰাণ দি দুটাকৈ উইকেট পায়৷

প্ৰত্যুত্তৰত যোৰহাট ষ্টেলিয়নছে ১৮.৫ অভাৰত সাত উইকেট হেৰুৱাই ১৫৭ ৰাণ কৰি বিজয়লক্ষ্যত উপনিত হয়৷ দলৰ হৈ ৰাজবিৰ সিঙে [৫০] অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে দ্যুতিময় নাথে ৩৫ আৰু স্বৰূপম পুৰকায়স্থই ২৯ ৰাণ কৰে৷ টাইটানছৰ হৈ আয়ুষ্মান মালাকাৰে ৩৬ ৰাণত তিনিটা আৰু সিদ্ধাৰ্থ শৰ্মাই ১৮ ৰাণ দি দুটা উইকেট দখল কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত চৰাইদেউ ছানৰাইজাৰ্ছ আৰু গুৱাহাটী ৰয়েলছ মুখামুখি হ’ব৷ ছানৰাইজাৰ্ছৰ এয়া অন্তিম মেচ আৰু দলক নিশ্চিত জয় প্ৰয়োজন ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰখাৰ বাবে৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
যোৰহাট ষ্টেলিয়নছে তিনি উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক

তেজপুৰ টাইটানছঃ ২০ অভাৰত ১৫৬-৮ [ৱাছিম আক্ৰম ৩৭, নিহাৰ ডেকা ৩২, ডানিছ আহমেদ ২১ ; ৰেজাকুদ্দিন আহমেদ ২৮-২, বেদান্ত পাণ্ডে ৩১-২, মণ্টু যাদব ৩২-২]৷

যোৰহাট ষ্টেলিয়নছঃ ১৮.৫ অভাৰত ১৫৭-৭ [ৰাজবিৰ সিং ৫০, দ্যুতিময় নাথ ৩৫, স্বৰূপম পুৰকায়স্থ ২৯ ; আয়ুষ্মান মালাকাৰ ৩৬-৩ সিদ্ধাৰ্থ শৰ্মা ১৮-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *