আজি গুৱাহাটীত আই এছ এলৰ মেচ, নৰ্থ ইষ্ট ইউনাইটেড বনাম এফ চি গোৱা

November 21, 2026

K

Gogo Sports NE

গুৱাহাটীত চলিত "আই এছ এল" চিজনৰ হাইভল্টেজ মেচ। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সন্মুখত এফ চি গোৱা ।চিজনৰ নিজা ষষ্ঠখন মেচত জয়ৰ লক্ষ্য বেনালী বাহিনীৰ।

শনিবাৰে গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত "আই এছ এল" চিজনৰ এখন হাইভল্টেজ মেচ। খেলপথাৰত নামিব জুৱান পেড্ৰ বেনালীৰ প্ৰশিক্ষণেৰে পুষ্ট নৰ্থ ইউনাইটেড এফ চি আৰু এঞ্জেল ভিয়াডেৰো-ৰ প্ৰশিক্ষণেৰে পুষ্ঠ এফ চি গোৱা। জুৱান পেড্ৰ বেনালী-এ যেতিয়া গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত খোজ দিব,তেতিয়া বিপৰীত ডাগআউটত অপেক্ষা কৰি থাকিব তেওঁৰ ২৫ বছৰীয়া পুৰণি বন্ধু এঞ্জেল ভিয়াডেৰো-এ । এসময়ত নৰ্থ ইষ্ট ইউনাইটেড এফ চিত বেনালীৰ সহকাৰী প্ৰশিক্ষক হৈ থকা এঞ্জেল ভিয়াডেৰো-এ এই চিজনত এফ চি গোৱাৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰথম মেচৰ বাবে গুৱাহাটীলৈ উভতি আহিছে।
সন্ধিয়া ৭.৩০ বজাত দুয়োজন পুৰণি বন্ধু প্ৰতিপক্ষ হিচাপে খেলপথাৰত মুখ্য প্ৰশিক্ষকৰ ভূমিকাত হ'ব অৱৰ্তীণ। মেচৰ পূৰ্বে গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক সংবাদমেলত এই সন্দৰ্ভত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালী-এ কয় এনে -" এঞ্জেল মোৰ ভাই। কিন্তু মেচৰ সময়ত তেওঁ মোৰ প্ৰতিপক্ষ। খেলপথাৰত মই মোৰ নিজৰ পিতৃকো চিনি নাপাম। কিন্তু খেলপথাৰৰ বাহিৰত আমি ইজনে-সিজনে সাবটি ধৰো।"

ইফালে সংবাদমেলত স্পেনিছ ডিফেণ্ডাৰ এনেকো-ক হাইলেণ্ডাৰ্ছৰ সৈতে খেলি কেনে লাগিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে এনেদৰে- "আমি এতিয়া একেলগে যথেষ্ট মেচ খেলিছো। আমি জানো কেনেকৈ ইজনে সিজনক সহায় কৰিব লাগে। মই অধিক মেচ খেলিব বিচাৰো । আমি খোজে খোজে আগবাঢ়িম" ।

"আই এছ এল"ৰ ইতিহাসত নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ এতিয়ালৈকে মুঠ ২৩ খন মেচত মুখামুখি হৈছে। ইয়াৰে ১২ খন মেচ ড্ৰ' খেলাৰ বিপৰীতে এফ চি গোৱা-এ ৭ খনত জয়ী আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ ৪ খনত জয়লাভ কৰিছে।

উল্লেখ্য যে, চলিত চিজনত ৫ খন মেচ খেলি ১১ পইন্টেৰে তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ।
ইয়াৰে ৩ খনত জয়ী হোৱাৰ বিপৰীতে ২ খনত ড্ৰ খেলিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ ।আনহাতে, ১৩ পইন্টেৰে তালিকাৰ শীৰ্ষত বেংগালুৰু এফ চি থকাৰ বিপৰীতে ১২ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে মোহন বাগান ।

ক্ৰীড়া অনুৰাগীৰ আশা,ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত এফ চি গোৱাক পৰাস্ত কৰি সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ। বেংগালুৰু এফ চি আৰু মোহন বাগান চুপাৰ জায়েন্টক অতিক্ৰম কৰি তালিকাৰ শীৰ্ষলৈ পুনৰ উন্নীত হওঁক নৰ্থ ইষ্ট ইউনাইটেড এফ চি।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *