গুৱাহাটী, ২৬ ছেপ্টেম্বৰ ২০২৬:পেছাদাৰী আৰ্মৰেছলিং লীগ প্ৰ' পাঞ্জা লীগৰ উত্তৰ-পূবৰ ট্ৰায়েল অহা ৩ অক্টোবৰত গুৱাহাটীৰ ৰুক্মিণীনগৰ অডিটৰিয়াম অনুষ্ঠিত হ'ব। অসমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পুৰুষ আৰু মহিলা উভয়ে এই ট্ৰায়েলত অংশ ল'ব পাৰিব। ৰেজিষ্ট্ৰেছন ইতিমধ্যে PPL ৰ অফিচিয়েল ছ'চিয়েল মিডিয়াত মুকলি কৰা হৈছে।
আৰ্মৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াই এই বছৰৰ শেষৰ ফালে নতুন দিল্লীত ৪৭ সংখ্যক বিশ্ব আৰ্মৰেছলিং চেম্পিয়নশ্বিপ আৰু ২৮ সংখ্যক বিশ্ব পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপ আয়োজন কৰিব। ৭৫ খনতকৈ অধিক দেশে প্ৰতিযোগিতাত অংশ ল'ব। গুৱাহাটী ট্ৰায়েলৰ পৰা ভাৰতীয় দল বাচনি কৰা হব। গৌৰৱৰ কথা যে অসমৰ ১৮ জন খেলুৱৈ ইতিমধ্যে ভাৰতীয় দলত স্থান লাভ কৰিছে।
গুৱাহাটীৰ ট্ৰায়েলৰ বাবে PPL এ অসমৰ চলচ্চিত্ৰ প্ৰডাকচন হাউছ জিল ক্ৰিয়েচনৰ সৈতে প্ৰাইমাৰী স্পনছৰ হিচাপে বুজাবুজি কৰিছে। জিল ক্ৰিয়েচনৰ পৰিচালক শ্যামন্তক গৌতমে কয়, "আমি PPL ৰ সৈতে জড়িত হৈ অতি উৎসাহিত। উত্তৰ-পূব ভাৰতত, বিশেষকৈ অসমত পাঞ্জা খেলক আগবঢ়াই নিয়াটৌ আমাৰ মুল লক্ষ্য। আমি অতি সোনকালে পাঞ্জাৰ ওপৰত এখন ফিচাৰ ফিল্মৰ কামো কৰি আছো।"
গুৱাহাটী ট্ৰায়েলত নিৰ্বাচিত খেলুৱৈসকলে গোল্ডেন টিকেট লাভ কৰিব, যাৰ জৰিয়তে তেওঁলোকে প্ৰ' পাঞ্জা লীগৰ প্ৰতিযোগিতাত প্ৰৱেশ, ৰেংকিং প্ৰতিযোগিতাৰ পৰা পুৰস্কাৰৰ ধন লাভ আৰু মূল লীগত খেলাৰ সুযোগ পাব।
PPL ভাৰতৰ একমাত্ৰ পেছাদাৰী লীগ য'ত পুৰুষ, মহিলা আৰু পেৰা-এথলীটে একে মঞ্চতে সমান পুৰস্কাৰৰ ধনৰ বাবে খেলে। প্ৰ' পাঞ্জা লীগৰ প্ৰতিষ্ঠাপক পাৰবিন ডাবাচ আৰু প্ৰীতি ঝাংগিয়ানী। বলিউড অভিনেত্ৰী প্ৰীতি পিপলছ আৰ্মৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি আৰু এছিয়ান আৰ্মৰেছলিং ফেডাৰেচনৰ উপ-সভাপতি। অভিনেতা সুনীল চেট্টীও এই লীগৰ এজন অংশীদাৰ।
পাৰবিন ডাবাচে কয়, "আমি যেতিয়াই উত্তৰ-পূবত ইভেণ্ট কৰিছো, ইয়াৰ প্ৰতিভাই আমাক আচৰিত কৰিছে। অভাৱ প্ৰতিভাৰ নহয়, অভাৱ আছিল ব্যৱস্থাৰ। প্ৰতিভাক সুযোগ দিয়াৰ বাবে গুৱাহাটীলৈ আহিছো।"
প্ৰীতি ঝাংগিয়ানীয়ে কয়, "অসম দেশৰ ভিতৰতে আৰ্মৰেছলিঙৰ প্ৰতিভা উৎপাদনৰ অন্যতম ৰাজ্য। ভাৰতে এই বছৰ নতুন দিল্লীত বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সময়তে অসমৰ ইমানবোৰ খেলুৱৈ ভাৰতীয় দলত থকাটোৱে ইয়াক আৰু বিশেষ কৰি তুলিছে। আমি বিচাৰো উত্তৰ-পূবৰ প্ৰতিজন খেলুৱৈয়ে, যিয়ে স্থানীয় আখৰা বা কলেজৰ জিমত অনুশীলন কৰি আছে, ৩ অক্টোবৰত ৰুক্মিণীনগৰ অডিটৰিয়ামলৈ আহি টেবুলত হাত থওক।"


0 Comments