গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
দিছপুৰত "স্বাধীনতা দিৱস স্পীড স্কেটিং চেম্পিয়নশ্বিপ"।চপাইদাং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগ।
শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ।
আজি দেশজুৰি উদযাপন কৰা হৈছে "৮০ সংখ্যক স্বাধীনতা দিৱস"।এই দিৱসৰ লগত সংগতি ৰাখি অসম স্পীড স্কেটিং সন্থাৰ তত্বাবধানত তথা চপাইদাং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় "চতুৰ্থ স্বাধীনতা দিৱস স্পীড স্কেটিং চেম্পিয়নশ্বিপ"।
দিছুুপৰৰ স্কেটিং গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ১০০ ৰো অধিক স্পীড স্কেটাৰে।
৫ বছৰ অনুৰ্ধৰ পৰা ১৬ বছৰ অনুৰ্ধলৈকে বিভিন্ন বয়স গোটৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিছে শ্ৰেষ্ঠত্ব ।বিভিন্ন শাখাত পদক জয় কৰি আনন্দিত হৈ পৰিল স্পীড স্কেটিং খেলুৱৈসকল।পডিয়ামত পদক গ্ৰহণ কৰাৰ সময়ত একাংশ খেলুৱৈ-এ হাতত ল'লে ভাৰতীয় ত্রিৰংগা।
পদকজয়ী খেলুৱৈসকলক মেডেল প্ৰদান কৰিলে অসম স্পীড স্কেটিং সন্থাৰ সাধাৰণ সম্পাদক সুমন ডেকাই।
আগন্তুক সময়ত খেলুৱৈ সকলৰ সন্মুখত আহি আছে কেইবাখনো ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা । সেয়েহে ,এনে প্ৰতিযোগিতাৰ জৰিয়তে টুৰ্ণামেন্টসমূহলৈ প্ৰস্তুতি হোৱাৰ ক্ষেত্রত সহায় কৰিব বুলি আশাবাদী ৰাজ্যিক সম্পাদক গৰাকী।তদুপৰি, প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা বাবে খেলুৱৈ তথা অভিভাৱক সকলক ধন্যবাদ জনাইছে আয়োজকে ।
ক্ৰীড়া অনুৰাগীৰ আশা-এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওঁক অসম স্পীড স্কেটিং খেলুৱৈ।


0 Comments