অসম প্ৰিমিয়াৰ লীগঃ৫মেচৰ ব্যৰ্থতাৰ পাছত তেজপুৰ টাইটানছৰ প্ৰথম জয়

August 12, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

প্ৰথম ৫ খন মেচৰ ধাৰাবাহিক ব্যৰ্থতাৰ পাছত তেজপুৰ টাইটানছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰথম জয়ৰ সফলতা লাভ কৰিছে৷ বুধবাৰে নিশা অনুষ্ঠিত লীগৰ ২৪ নম্বৰ মেচখনত দলে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক৷ ১৫৯ ৰাণৰ বিজয়লক্ষ্য টাইটানছে ১৭.৫ অভাৰত তিনি উইকেট হেৰুৱাই পূৰ্ণ কৰি প্ৰথম পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷

অপেক্ষাৰ অন্তত টাইটানছে লাভ কৰা এই গুৰুত্বপূৰ্ণ জয়ৰ নায়কদ্বয় হ’ল নিহাৰ ডেকা আৰু ৰোছন টপ্ন’৷ ইনিংছৰ আৰম্ভনিতে প্ৰথম দুই অভাৰত ৬ ৰাণত অপেনাৰদ্বয়ৰ উইকেট হেৰুৱাই বিপদত পৰা তেজপুৰৰ ইনিংছক নতুন আশাৰে গঢ় দিয়ে নিহাৰ-ৰোছনে৷ উভয়ে তৃতীয় উইকেটৰ যুটিত ১৩৬ ৰাণ কৰি হতাশাত থকা দলৰ সমৰ্থকলৈ উৎসাহ লৈ আনে৷ ৪৪ বলত পাঁচটা ছিক্সাৰসহ ৭২ ৰাণ কৰি নিহাৰ আউট হয় যদিও তেতিয়ালৈকে দলৰ বিজয় নিশ্চিত হৈ গৈছিল৷ আনহাতে, ৰোছনে ৪৬ বলত তিনিটা ছিক্সাৰসহ ৭২ ৰাণত অপৰাজিত থাকে৷ বৰাকৰ আব্দুল আজিজে ২১ ৰাণত দুটা উইকেট পায়৷

বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত তেজপুৰ জয় হয় আৰু বৰাকক বেটিং কৰিবলৈ আমন্ত্ৰন জনায়৷ লিজেণ্ডছৰ আৰম্ভনি প্ৰত্যাশিত নহ’ল যদিও বিশাল সাহাই লীগত তৃতীয়টো অৰ্ধশতক অৰ্জন কৰি দলক সন্তোষজনক স্থিতিত উপনিত কৰায়৷ ৫৮ বলত অপৰাজিত ৮১ ৰাণ কৰা বিশালে পুনৰ কমলা টুপি নিজৰ দখললৈ আনে৷ বুধবাৰৰ মেচত তেওঁৰ ইনিংছত আছিল দুটা ছিক্সাৰ আৰু সাতটা বাউণ্ডেৰী৷ ছখন মেচৰ অন্তত লিজেণ্ডছৰ অপেনাৰজনৰ মুঠ ৰাণ ২৭৯৷

ইনিংছ মুকলি কৰা বিশালে উইকেটৰ এটা ফালে দৃঢ়তাৰে বেটিং কৰাৰ লগতে শুভম, শ্ৰবন, শিৱ শংকৰ আৰু আব্দুলৰ লগত ক্ৰমে ২৭, ৩৫, ৪৯ আৰু ২৮ ৰাণৰ চাৰিটা গুৰুত্বপূৰ্ণ যুটি বান্ধে৷ ২০ অভাৰত বৰাকে সাত উইকেট হেৰুৱাই ১৫৮ ৰাণ কৰে৷ টাইটানছৰ অধিনায়ক আয়ুষ্মান মালাকাৰে দুটা উইকেট পায়৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত চৰাইদেউ ছানৰাইজাৰ্ছ আৰু যোৰহাট ষ্টেলিয়নছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
তেজপুৰ টাইটানছে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক

বৰাক লিজেণ্ডছঃ ২০ অভাৰত ১৫৮-৭ [বিশাল অপঃ৮১, শিৱ শংকৰ ২১ ; আয়ুষ্মান ৩৩-২]৷

তেজপুৰ টাইটানছঃ ১৭.৫ অভাৰত ১৫৯-৩ [নিহাৰ ৭২, ৰোছন অপঃ৭২ ; আব্দুল আজিজ ২১-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *