সাজু অসম পেৰালিম্পিক সন্থা,সোমবাৰে ষষ্ঠ সদৌ অসম পেৰা স্পৰ্টছ মিট”ৰ উদ্বোধনী অনুষ্ঠান

August 16, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীত "ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৬"।২৩ খন জিলাৰ ৩৪৫ গৰাকী খেলুৱৈৰ ঘটিব সমাবেশ।
সাজু অসম পেৰালিম্পিক সন্থা।

অহা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হ'ব "ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৬।
অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাখনত সমাবেশ ঘটিব ২৩ খন জিলাৰ প্ৰায় ৩৪৫ গৰাকী খেলুৱৈৰ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প ,বন্দ্যা ইন্টাৰনেচনেল স্কুল, উদয়ালচলকে ধৰি মুঠ তিনিটা ভেন্যুত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।
পেৰা এথলেটিকছ ,পেৰা চুইমিং,পেৰা বেডমিন্টন,পেৰা টেবুল টেনিছ,পেৰা বচ্ছিয়া আৰু পেৰা দবাকে মুঠ ৬ টা ক্ৰীড়া ইভেন্টৰ বাবে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।


অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত পেৰা এথলেটিকছ আৰু পেৰা দবা দবা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে বন্দ্যা ইন্টাৰনেচনেল স্কুলত অনুষ্ঠিত হ'ব পেৰা সাঁতোৰ,পেৰা বেডমিন্টন,পেৰা টেবুল টেনিছ ইভেন্ট।আনহাতে, উদয়াচলত অনুষ্ঠিত হ'ব পেৰা বচ্ছিয়া প্ৰতিযোগিতা।
শুক্ৰবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম পেৰালিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰিলে সন্থাৰ সভাপতি চন্দন বৰুৱাই।

ইফালে,সোমবাৰে দিনৰ ১১ বজাত অৰ্জুন ভোগশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালী, এছ. এল. এ. চি.(SLAC)ৰ সদস্যসচিব গীতাৰ্থ গোস্বামী,অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ লগতে কেইবাজনো প্ৰতিযোগিতাৰ পৃষ্ঠপোষক।

উল্লেখ্য যে , মূল প্ৰতিযোগিতাৰ পূৰ্বে দেওবাৰে খেলুৱৈসকলৰ শাখাসমূহ বিভাজন কৰা হ'ব।সোমবাৰৰ উদ্বোধনী অনুষ্ঠানৰ পাছত আৰম্ভ হ'ব মূল প্ৰতিযোগিতাসমূহ।ক্ৰীড়া অনুৰাগীৰ আশা- সাফল্যমণ্ডিত হওক "ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট,গুৱাহাটী-২০২৬।
এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওক অসমৰ পেৰা খেলুৱৈ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *