গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ধেমাজিক এক ইনিংছ আৰু ৪১ ৰাণত হৰুৱাই সভাপতি একাদশে বৰপেটাৰ বিডিএছএ খেলপথাৰত অনুষ্ঠিত "জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট"ৰ এলিট গ্ৰুপত বিজয়ীৰ সন্মান অৰ্জন কৰিছে ।
টছত জয়ী হৈ ধেমাজিয়ে প্ৰথমে বেটিং কৰি ৩৪.৩ অভাৰত মাত্ৰ ৭৭ ৰাণহে স্কৰ কৰিবলৈ সক্ষম হয় । বিবেক থাপাই ৪৭ বলত সৰ্বাধিক ২৩ আৰু মহম্মদ ছলমানে ৩৭ বলত ১৮ ৰাণ কৰে । সভাপতি একাদশৰ বলিং আক্ৰমণৰ নেতৃত্ব দি সিদ্ধাৰ্থ দাসে ১১ ৰাণত ৫টা উইকেট লাভ কৰে । সতীৰ্থ আলহাম ৱাহিদে ১৬ ৰাণ ব্যয়েৰে দুটা উইকেট লাভ কৰে ।
ইয়াৰ উত্তৰত সভাপতি একাদশে ৬৩.৩ অভাৰত ২০১ ৰাণ সংগ্ৰহেৰে প্ৰথম ইনিংছত ১২৪ ৰানৰ মূল্যৱান অগ্ৰগতি লাভ কৰে। অমন যাদৱে ১৬৩টা বলত ৯৬ ৰাণ কৰিলেও ৪ ৰাণৰ বাবে আকাংক্ষিত শতৰাণৰ পৰা বঞ্চিত হবলগীয়া হয় । মৃণ্ময় দাসে ৬৬ বলত ২৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে তুষাৰ ৰুদ্ৰ বৰাই ২৭ বলত ২৭ আৰু নন্দন পাটৰে ৩৭ বলত ২২ ৰাণ সংগ্ৰহ কৰে । ধেমাজিৰ হৈ হৃতিক ৰৌনিয়াৰে ৭১ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে নিতুল কামন আৰু শ্যাম বাবু ৰায়ে তিনিটাকৈ উইকেট দখল কৰে ।
ইফালে, ধেমাজীয়ে দ্বিতীয় ইনিংছত ৩৪.২ অভাৰত ৮৩ ৰাণতে অল আউট হয় । ৩৮ বলত ২৫ ৰাণ হৃত্বিক ৰৌনিয়াৰে সৰ্বাধিক ৰাণ গোটোৱাৰ বিপৰীতে নিতুল কামানে ২৩ বলত ১৮ আৰু বিবেক পাণ্ডেই ৩৯ বলত ১৭ ৰাণ সংগ্ৰহ কৰে । সভাপতি একাদশৰ বলাৰসকলে পুনৰবাৰ আধিপত্য বিস্তাৰ কৰে, য'ত সিদ্ধাৰ্থ দাসে দ্বিতীয় ইনিংছৰ ২৮ ৰানৰ বিনিময়ত ৫ উইকেট লাভেৰে খেলখনত সামগ্ৰিকভাৱে ১০ উইকেটৰ অধিকাৰী হয় ।ৰাহুল তামুলীয়ে ২১ ৰানত ৪ টা উইকেট দখলৰ বিপৰীতে জুলিয়েন কোঁৱৰে কোনো ৰাণ নিদিয়াকৈ এটা উইকেট লাভ কৰে ।
দ্বিতীয় ইনিংছত ধেমাজিয়ে ৮৩ ৰাণত অল আউট হোৱাৰ লগে লগে সভাপতি একাদশে এক ইনিংছ আৰু ৪১ ৰানত বিজয় নিশ্চিত হৈ "জে কে বৰুৱা অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট"ৰ এলিট গ্ৰুপৰ খিতাপ দখল কৰে ।
ব্যক্তিগত পুৰস্কাৰ বিজয়ীসকল --ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ সিদ্ধাৰ্থ দাস, শ্ৰেষ্ঠ বেটাৰ : অমন যাদৱ, শ্ৰেষ্ঠ বলাৰ শ্যাম বাবু ৰায় আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ অমন যাদৱ ।
বিজয়ী -- সভাপতি একাদশ আৰু বিজিত -- ধেমাজি ।
সংক্ষিপ্ত স্ক'ৰ : ধেমাজি
১ম ইনিংছত : ৩৪.৩ অভাৰত ৭৭ (বিবেক থাপা ৪৭ বলত ২৩, মহম্মদ ছলমান ৩৭ বলত ১৮; সিদ্ধাৰ্থ দাস ৫/১১, আলহাম ৱাহিদ ২/১৬) ।
সভাপতি একাদশ : ৬৩.৩ অভাৰত ২০১ ( ১৬৩ বলত অমন যাদৱৰ ৯৬, ৬৬ বলত মৃণ্ময় দাস ২৯, ২৭ বলত তুষাৰ ৰুদ্ৰ বৰা ২৭, নন্দন পাটৰ ৩৭ বলত ২২; হৃতিক ৰৌনিয়াৰ ৪/৭১, নিতুল কামান ৩/৩১, শ্যাম বাবু ৰায় ৩/৭৩) ।
ধেমাজি ২য় ইনিংছ:
৩৪.২ অভাৰত ৮৩ (৩৮ বলত হৃতিক ৰৌনিয়াৰ ২৫, ২৩ বলত নিতুল কামান ১৮, বিবেক পাণ্ডে ৩৯ বলত ১৭; সিদ্ধাৰ্থ দাস ৫/২৮, ৰাহুল তামুলী ৪/২১, জুলিয়েন কোঁৱৰ ১/০) ।
পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এচিএৰ সম্পাদক সনাতন দাস আৰু বৰপেটা ডিএছএৰ সভাপতি গুনীন্দ্ৰ নাথ দাসকে ধৰি অন্যান্য জিলা কৰ্মকৰ্তসকল উপস্থিত থাকিল ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments