অসমত অনুষ্ঠিত হ’ব “ছিনিয়ৰ মহিলাৰ আন্তঃ মণ্ডল টি-২০ ট্ৰফীৰ মেচঃদেশৰহৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা কেইবাগৰাকী খেলুৱৈ-এ কৰিব অংশগ্ৰহণ

November 21, 2026

K

Gogo Sports NE

গুৱাহাটী, ২১ নৱেম্বৰ, ২০২৬ঃ অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে গুৱাহাটীত "ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফী প্ৰতিযোগিতা" আয়োজন কৰিবলৈ সাজু হৈছে । অহা ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ নিৰ্ধাৰিত এই প্ৰতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে ভিন্ন দলৰহৈ অংশগ্ৰহণ কৰিব ।

বিচিচিআইৰ ঘৰুৱা ক্ৰিকেট ছিজন ২০২৬–২৭ৰ অংশ হিচাপে হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেল দুটা স্থানত অনুষ্ঠিত হ’ব । সেইয়া হ'ল-বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়াম আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰ ।

অংশগ্ৰহণকাৰী ৬ টা দল- পশ্চিম মণ্ডল, পূব মণ্ডল, উত্তৰ পূব মণ্ডল, দক্ষিণ মণ্ডল, উত্তৰ মণ্ডল আৰু কেন্দ্ৰীয় মণ্ডল । খেল হ'ব লীগ আৰু নক-আউট ফৰ্মেটত ।

অহা ২৪ নৱেম্বৰত তিনিখন মেচ অনুষ্ঠিত হ’ব । এচিএ ষ্টেডিয়ামত পশ্চিম মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডল আৰু উত্তৰ মণ্ডলে মধ্য মণ্ডল তথা ফুলুঙৰ এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত উত্তৰ পূব মণ্ডলে দক্ষিণ মণ্ডলৰ বিৰুদ্ধে খেলিব ।
লীগ পৰ্যায়ৰ মেচসমূহ ২৬, ২৮, ৩০ নৱেম্বৰ আৰু ২ ডিচেম্বৰত দুয়োটা স্থানতে হব । তাৰ পিচত অহা ৪ ডিচেম্বৰত উত্তৰ গুৱাহাটীৰ ফুলঙৰ এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত ফাইনেল খেল অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে,
এই প্ৰতিযোগিতাত বিভিন্ন দলৰহৈ কেইবাগৰাকী খ্যাতনামা খেলুৱৈক দেখিবলৈ পোৱা যাব । জনপ্ৰিয় তেনে খেলুৱৈৰ তালিকাত আছে -স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেছ, বৈষ্ণৱী শৰ্মা, ৰিচা ঘোষ, শ্ৰেয়ংকা পাটিল, জিন্টিমণি কলিতা, উমা চেত্ৰী, নন্দিনী শৰ্মা, শেফালী ভাৰ্মা, হাৰলীন কৌৰ দেউল, অমনজোত কৌৰ, এন শ্ৰী চাৰানী, জি কমলিনী, দীপ্তি শৰ্মা, প্ৰতিকা ৰাৱাল, ৰেণুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰাধা যাদৱ আৰু নিক্কী প্ৰসাদ আদিৰ নাম ।

তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিযোগিতাখনৰ গুণগত আৰু প্ৰতিদ্বন্দিতাৰ মান বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ ক্ৰিকেট অনুৰাগীসকলক দেশৰ কেইবাগৰাকী আগশাৰীৰ মহিলা ক্ৰিকেটাৰক কাষৰ পৰা দেখা পোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । অসম ক্ৰিকেট সন্থাইও এই সুযোগতে দেশৰ বিভিন্ন কোণৰ পৰা আহিবলগীয়া দল, খেলুৱৈ আৰু বিষয়া-কৰ্মকৰ্তাক আতিথ্য প্ৰদান কৰাৰ বাবে পৰম আশাৰে অপেক্ষা কৰি আছে ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *