সোমবাৰৰ পৰা নতুন দিল্লীত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ,অভিলেখ ষষ্ঠটো পদকৰ লক্ষ্যৰে কৰ্টত নামিব পি ভি সিন্ধু

August 16, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব "বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬" ৷ অন্তিমবাৰৰ বাবে ভাৰতে ২০০৯ ত হায়দৰাবাদত বিশ্ব বেডমিণ্টন আয়োজন কৰিছিল৷ সুদীৰ্ঘ ১৭ বছৰ পাছত পুনৰ ভাৰতত হ’বলগা প্ৰতিযোগিতাখনত এইবাৰ দেশৰ যিসকল শ্বাটলাৰে প্ৰতিদ্বন্দ্বিতা কৰিব, প্ৰতিজনে প্ৰথমবাৰৰ বাবে দেশৰ মাটিত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ খেলিব৷

বিশ্বৰ প্ৰায় ৫৫ খন দেশৰ আঠশৰো অধিক খেলুৱৈ-বিষয়াই অংশ ল’বলগা এইবাৰৰ ৩০ সংখ্যক চেম্পিয়নশ্বিপত পুৰুষৰ আৰু মহিলাৰ একক তথা ডাবলছ লগতে মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে কোনো সুৰুঙা নৰখাকৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়াম সাজু কৰি তুলিছে ভাৰতীয় বেডমিণ্টন সন্থাই৷ যোৱা এসপ্তাহ ধৰি ষ্টেডিয়ামৰ কৰ্টত অনুশীলন কৰা বিশ্বৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰৰ লগতে অংশগ্ৰহণকাৰী সকলো দেশে প্ৰস্তুতিৰ উচ্ছ প্ৰশংসা কৰিছে৷

প্ৰথম ভাৰতীয় শ্বাটলাৰৰূপে ২০১৯ ত বিশ্ব বেডমিণ্টনৰ সোণ জয় কৰা পি ভি সিন্ধুৱে এইবাৰ নতুন অভিলেখ গঢ়াৰ লক্ষ্যৰে কেৰিয়াৰৰ ষষ্ঠ নম্বৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ পদক জয়ৰ আশাৰে ঘৰুৱা অনুৰাগীৰ সন্মুখত আত্মবিশ্বাসৰে কৰ্টত নামিব৷ বিশ্ব বেডমিণ্টনত সিন্ধুৱে ইতিমধ্যে এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি চীনৰ জাং নিঙৰ সমানে মহিলাৰ এককত সৰ্বাধিক পদক লাভৰ অভিলেখ গঢ়িছে৷

২০১৯ ৰ খিতাপ জয়ৰ স্মৃতি সোঁৱৰণ কৰি আজি সংবাদমেলত সিন্ধুৱে কয় যে ভাৰতত হোৱা চেম্পিয়নশ্বিপখন তেওঁৰ বাবে বিশেষ হৈ পৰিছে৷ ‘মই সাত বছৰ পূৰ্বে সোণ লাভ কৰিছিলো৷ দীৰ্ঘ বিৰতিৰ পিছত দেশৰ মাটিত পুনৰ ভাল প্ৰদৰ্শন কৰাৰ আশা কৰিছো৷ শেহতীয়া জাপান অ’পেনৰ খিতাপে মোক আত্মবিশ্বাস দিছে আৰু মই সেই শক্তিকে আগুৱাই নিয়াৰ আশা কৰিছো৷’ সিন্ধুই ব্যক্ত কৰে৷ ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব লগা বিষয়টো লৈ সিন্ধুৱে কয় যে প্ৰতিযোগিতাৰ সময়ত ভাৰতীয় অনুৰাগীৰ পৰা পোৱা সমৰ্থন তেওঁৰ লগতে দেশৰ অন্য শ্বাটলাৰৰ বাবেও অতিৰিক্ত শক্তি হ’ব৷ ‘অনুৰাগীয়ে আমাক বহুত সমৰ্থন দিব আৰু ঘৰুৱা ক্ষেত্ৰত বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ পাই মই সঁচাকৈয়ে সুখী৷ ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰি পদক লাভ কৰাৰ আশা কৰিছো৷’ সন্ধুৱে লগতে ব্যক্ত কৰে৷

ইফালে, সিন্ধুৰ লগতে পুৰুষৰ একক শাখাত প্ৰাক্তন পদকজয়ী লক্ষ্য সেনে উদীয়মান তাৰকা আয়ুষ শেট্টীৰ সৈতে ভাৰতৰ প্ৰত্যাহ৩ানৰ নেতৃত্ব দিব৷ আনহাতে, পুৰুষৰ ডাবলছত ভাৰতীয় আশা থাকিব অভিজ্ঞ সফল যুটি সাতৱিকচৈৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীৰ ওপৰত৷ মিক্সড ডাবলছত ভাৰতীয় যুটি ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টোই আৰম্ভণিৰ ৰাউণ্ডত বাই পাইছে৷ বিপৰীতে ৰোহন কাপুৰ আৰু ৰুথভিকা শিৱানীয়ে প্ৰথম ৰাউণ্ডত কানাডাৰ জনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে খেলিব৷

ইফালে, মহিলা ডাবলছত দুবাৰৰ অল ইংলেণ্ডৰ ছেমিফাইনেলিষ্ট গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে প্ৰথম ৰাউণ্ডত স্পেইনৰ প’লা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজৰ মুখামুখি হ’ব৷ অভিষেক কৰিব লগা ছিমৰন সিংঘী আৰু কবিপ্ৰিয়া চেলভামেও স্পেইনৰ নিকোল কাৰুলা আৰু কাৰ্মেন জিমেনেজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ দ্বিতীয়টো ভাৰতীয় পুৰুষৰ ডাবলছ যুটি এম আৰ অৰ্জুন আৰু হৰিহৰণে আয়াৰলেণ্ডৰ স্কট গিল্ডিয়া আৰু পল ৰেইনল্ডছৰ বিৰুদ্ধে খেলিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *