১১ অক্টোবৰত গুৱাহাটীৰ ৰাজপথত সাংবাদিকৰ দৌৰ,বিশ্ব মানসিক স্বাস্থ্য দিৱসত প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ

October 4, 2026

K

Gogo Sports NE

গুৱাহাটীঃ৪ অক্টোবৰ: গুৱাহাটীৰ ৰাজপথত দৌৰিবলৈ সাজু হৈছে প্ৰিন্ট, ইলেকট্ৰ'নিক আৰু ডিজিটেল মাধ্যমৰ সাংবাদিক আৰু মিডিয়া পেছাদাৰী সকলে। অহা ১১ অক্টোবৰ, দেওবাৰে পুৱা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ৫ কিঃমিঃ দৈৰ্ঘ্যৰ 'গ্ৰেট জিপিচি ৰান ২০২৬'ত ভাগ লব প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই। এই আয়োজনৰ মূল উদ্দেশ্য- সাংবাদিকৰ শাৰীৰিক সুস্থতা, মানসিক স্বাস্থ্য, একতা, সৌহাৰ্দ্য আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰতি সজাগতাৰ বৃদ্ধি। প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত এই মুকলি জিপিচি ৰান সূচীত অংশগ্ৰহণ কৰিব বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকীও বিশিষ্ট আমন্ত্ৰিত ব্যক্তিয়ে। ইতিমধ্যে আৰম্ভ হৈছে এই দৌৰ প্ৰতিযোগিতাত যোগদানৰ বাবে বিনামূলীয়া পঞ্জীয়ন প্ৰক্ৰিয়া। আটাইৰে উপস্থিতি কামনা কৰি সাংবাদিক সমাজৰ সুস্থতা, একতা, মানসিক কল্যানৰ হকে এই প্ৰয়াসে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি জনাই গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে।

উল্লেখ্য যে, পুৰুষ-মহিলা দুই শাখাৰ ১০ স্থানপ্ৰাপকলৈ থাকিব ট্ৰফি, মেডেল, প্ৰমাণপত্ৰকে ধৰি আকৰ্ষণীয় পুৰস্কাৰৰ সন্মান।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *