গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে আগন্তুক ছিৰিজৰ বাবে ভাৰতীয় "এ" মহিলা ক্ৰিকেট দললৈ অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতা নিৰ্বাচিত হোৱাত অসম ক্ৰিকেট সন্থা আনন্দিত হৈছে । এই ভ্ৰমণত অষ্ট্ৰেলিয়া "এ"ৰ বিৰুদ্ধে ভাৰতীয় "এ" দলটোৱে তিনিখন টি-২০ মেচ, তিনিখন এদিনীয়া মেচ আৰু এখন মাল্টি ডে’ খেলত ভাগ লব । উইকেটকীপাৰ বেটাৰ উমা চেত্ৰী টি-২০ আৰু এদিনীয়া দুয়োটা দলৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে অল ৰাউণ্ডাৰ জিন্টিমণি কলিতাক তিনিওটা দলতে-টি-২০, এদিনীয়া আৰু মাল্টি ডে’ত স্থান দিয়া হৈছে ।
অহা ১২ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ নিউ চণ্ডীগড়ত তিনিখন মেচৰ টি-২০ শৃংখলা হোৱাৰ পিছত ২০ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মোহালীৰ পিচিএ ষ্টেডিয়ামত তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ’ব । ২৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চাৰিদিনীয়া খেলখন ধৰমশালাত হব ।
অসম ক্ৰিকেট সন্থাই উমা চেত্ৰী আৰু জিন্টিমণি কলিতাক ভাৰতীয় এ দললৈ নিৰ্বাচিত হোৱাত অভিনন্দন জনোৱাৰ লগতে দুয়োগৰাকী খেলুৱৈলৈ ভাল প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments