বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনঃ বুধবাৰে কৰ্টত নামিব সিন্ধু-আয়ুশ,অভিষেকত জয়ৰে অভিযান উন্নতি হুদাৰ

August 18, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

পি ভি সিন্ধুৰ পাছত দ্বিতীয় ভাৰতীয় শ্বাটলাৰৰূপে মহিলাৰ একক শাখাত অংশ লোৱা উন্নতি হুদাই চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ মংগলবাৰে দ্বিতীয় দিনটোত উন্নতিয়ে ম্যানমাৰৰ থুজাৰ দেট হটাৰক ২২-২০, ২১-১৬ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷

বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ অভিষেক মেচখনত জয়ৰ বাবে উন্নতিক প্ৰয়োজন হয় মাত্ৰ ৪০ মিনিট৷ দ্বিতীয় ৰাউণ্ডত কাইলৈ কানাডাৰ মিচেল লীৰ মুখামুখি হ’ব উন্নতি৷ ইফালে, বুধবাৰে সিন্ধুও কানাডাৰে ৱেন য়ু ঝাঙৰ বিৰুদ্ধে খেলিব৷ ইফালে, ডিফেণ্ডিং চেম্পিয়ন তথা শীৰ্ষ বাচনিৰ চীনৰ শ্বি য়ুকিক প্ৰথম ৰাউণ্ডতে বিদায় দি ঐতিহাসিক অঘটন সৃষ্ঠি কৰা ভাৰতৰ উদীয়মান তাৰকা আয়ুষ ছেট্টী বুধবাৰে পুৰুষৰ একক শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত শ্ৰীলংকাৰ ডুমিণ্ডু এবেবিক্ৰমাৰ মুখামুখি হ’ব৷

ইয়াৰপূৰ্বে মংগলবাৰে দ্বিতীয় দিনা ভাৰতীয় শ্বাটলাৰ প্ৰতিযোগিতাত প্ৰথম ব্যৰ্থতাৰ সন্মুখীন হয়৷ মিক্সড ডাবলচ মেচত খেলা ৰোহন কাপুৰ আৰু ৰুথভিকা শিৱানী কানাডাৰ জনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হয়৷ এঘণ্টা আঠ মিনিট ধৰি চলা তিনিটা ছেটৰ মেচখনত ৰোহন-শিৱানীয়ে প্ৰথমটো ছেট ২২-২০ ত দখল কৰিছিল যদিও পৰবৰ্তী ছেট দুটা ১৯-২১, ১৭-২১ ৰ ব্যৱধানত হেৰুৱায় প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷

মিক্সড ডাবলচতে ভাৰতৰ আন এটা যুটি আশীথ সূৰ্য আৰু অমৰুথা প্ৰমথেছেও দুৰ্ভাগ্যক্ৰমে প্ৰথম ৰাউণ্ডতে অভিযান সামৰে৷ প্ৰচণ্ড যুঁজৰ অন্তত তুৰস্কৰ যুটি আমৰে ছ’নমেজ আৰু য়াছেমিন বেকটাছে এঘণ্টা এঘাৰ মিনিটৰ খেলত ১৬-২১, ৩০-২৯, ২৪-২২ ৰ ব্যৱধানত ঘৰুৱা যুটিটোক পৰাস্ত কৰে৷

ভাৰতৰ মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে দ্বিতীয় ৰাউণ্ডৰ মেচত আমেৰিকাৰ ষষ্ঠদশ বাচনিৰ লৌৰেন ৰাম আৰু আলিছন লীক ২১-১৫, ২১-১২ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

কিন্তু বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত অভিষেক কৰা ভাৰতৰ ছিমৰন সিংঘী আৰু কবিপ্ৰিয়া চেলভামে মংগলবাৰে মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডৰ মেচত বুলগেৰিয়াৰ ষ্টেফানি ষ্ট’ৱেভা আৰু গ্ৰেব্ৰিয়েলা ষ্ট’ৱেভাৰ বিৰুদ্ধে ৭-২১, ১৪-২১ ত পৰাস্ত হৈ বিদায় লয়৷

ভাৰতৰ লক্ষ্য সেনে পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত অষ্ট্ৰিয়াৰ ক’লিনছ ভালেণ্টিনো ফিলিমনক ১৬-২১, ২১-৮, ২১-৪ ৰ ব্যৱধানত পৰাস্ত কৰিছে৷ ৰাউণ্ড অব ৬৪ ৰ মেচখন তিনিটা ছেটত ফলাফল নিৰ্ণয় হয় তথা ৪৪ মিনিট ধৰি চলে৷ প্ৰতিযোগিতাত সেনে ৰেংকিঙত ১৪ নম্বৰ স্থান লাভ কৰিছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *