গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"সদৌ অসম ১৭ অনুৰ্ধ ছোৱালী বাস্কেটবল"ত চেম্পিয়ন এন এফ ৰেলৱে । ডিমা হাচাওলৈ "ৰাৰ্ণাছ আপ"ৰ সন্মান । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত বিধায়ক বিজয় গুপ্তা। জীপাল এন এফ ৰেলৱেৰ ইনডৰ ষ্টেডিয়াম ।
যোৱা ২৮ ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ এন এফ ৰেলৱেৰ ইনডৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় "সদৌ অসম ১৭ অনুৰ্ধ ছোৱালী আন্তঃজিলা বাস্কেটবল চেম্পিয়নশ্বিপ-২০২৬।" অসম বাস্কেটবল সন্থাৰ তত্বাবধানত এন এফ ৰেলৱ স্পৰ্টছ এছচিয়েচনে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ১৩ খন জিলাৰ ছোৱালী দলে । এন এফ ৰেলৱেৰ সুন্দৰ আন্তঃগাঠনিৰে পৰিপূৰ্ণ ইনডৰ ষ্টেডিয়ামত প্ৰায় ১৪০ গৰাকী ছোৱালী খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন । এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে কৰা হ'ব অসম দল বাছনি ।

ইফালে, বুধবাৰে সন্ধিয়া অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ ।ফাইনেলৰ ক্ৰীড়াঙ্গনত নামিল এন এফ ৰেলৱে ১৭ অনুৰ্ধ ছোৱালী দল আৰু ডিমা হাচাও ১৭ অনুৰ্ধ ছোৱালী দল । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ অন্তত "সদৌ অসম ১৭ অনুৰ্ধ ছোৱালী বাস্কেটবল"ৰ খিতাৰ দখল কৰে আয়োজক এন এফ ৰেলৱে-এ । সেইদৰে, "ৰাৰ্ণাছ আপ"ৰ ট্ৰফী হাতত তুলি ল'লে ডিমা হাছাও দলে ।আনহাতে, তৃতীয় স্থানত জিলিকিল গুৱাহাটী ক্ৰীড়া সন্থা ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকিল বিধায়ক বিজয় গুপ্তা ,এন এফ ৰেলৱেৰ ক্ৰীড়া বিষয়া ৰাজেশ বৰা, এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচনৰ সাধাৰণ সম্পাদক নবীন সিং ,অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক চাজিদ ৰহমান,যুটীয়া সম্পাদক প্ৰদীপ মজুমদাৰৰ লগতে কেইবাগৰাকীও ব্যক্তি । প্ৰতিযোগিতাৰ ফাইনেলৰ মেচ উপভোগ কৰাৰ লগতে এন এফ ৰেলৱে ছোৱালী দলক "চেম্পিয়নছ ট্ৰফী" প্ৰদান কৰে বিধায়ক বিজয় গুপ্তাই ।

ইফালে,অহা ৮ ৰ পৰা ১০ লৈকে গোলাঘাটত অনুষ্ঠিত হ'ব "সদৌ অসম ১৭ অনুৰ্ধ ল'ৰা আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা"
।সুন্দৰ ক্ৰীড়াৰ আন্তঃগাঠনিৰ মাজত সুন্দৰ ব্যৱস্থাপনাৰে এখন সংবাগসুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে "এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচন"ক ধন্যবাদ জনালে অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক চাজিদ ৰহমানে ।

এখন অফিচিয়েল ৰাজ্যিক প্ৰতিযোগিতা আয়োজন কৰিবলৈ সুবিধা প্ৰদান কৰাৰ বাবে "অসম বাস্কেটবল সন্থা"ক ধন্যবাদ জনালে "এন এফ ৰেলৱে"ৰ ক্ৰীড়া বিষয়া ৰাজেশ বৰাৰ লগতে এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচনৰ সাধাৰণ সম্পাদক নবীন সিঙে । প্ৰতিবছৰে কমেও এখন টুৰ্ণামেন্ট আয়োজনৰ বাবে সুবিধা প্ৰদান কৰিবলৈ অসম বাস্কেটবল সন্থাক আহ্বান জনালে এন এফ ৰেলৱে কতৃপক্ষই ।

ক্ৰীড়া অনুৰাগীৰ আশা- এনে টুৰ্ণামেন্টৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত জিলিকি উঠক ১৭ অনুৰ্ধৰ ছোৱালী বাস্কেটবল খেলুৱৈ ।আগন্তুক ১৭ অনুৰ্ধ ছোৱালীৰ বাস্কেটবল নেচনেলত দুৰ্দান্ত হৈ উঠক অসমৰ খেলুৱৈ । অসম বাস্কেটবল সন্থা আৰু এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচনৰ পদক্ষেপ হওঁক সূদুৰ প্ৰসাৰী ।


0 Comments