বিচিচিআইৰ ৰাষ্ট্ৰীয় জুনিয়ৰ নিৰ্বাচক সমিতিত অসমৰ কৃষ্ণ দাস

October 23, 2026

K

Gogo Sports NE

গুৱাহাটী,২৩ অক্টোবৰঃ
অসম ক্ৰিকেট সন্থাই এই কথা আনন্দেৰে জনাব খোজে যে বি চি চি আইৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ অনুমোদন মৰ্মে অসমৰ বৰপেটাৰ অসমৰ প্ৰাক্তন বেগী বলাৰ কৃষ্ণ দাসক ৰাষ্ট্ৰীয় জুনিয়ৰ ক্ৰিকেট কমিটিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে ।

দাসৰ ঘৰুৱা কেৰিয়াৰ আছিল আকৰ্ষণীয়, য'ত তেওঁ ৪৯ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৬৬ টা উইকেট দখল কৰে । দাসে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ আৰু ভাৰত "এ" দলৰহৈ খেলিছিল । পৰৱৰ্তী সময়ত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ "বলিং প্ৰশিক্ষক" হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ নিজৰ অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ কৰিছিল ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *