গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ২৭-৩০ জুলাইলৈ চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত "চিবিএছচি ফাৰ ইষ্ট জ'ন জুডো চেম্পিয়নশ্বিপ ২০২৬-২৭" ত দুগৰাকী অসমৰ জুডোকা ক্ৰমে -জিজ্ঞাস দত্তই সোণ আৰু ঈপ্সিতা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীৰ পল্টনবজাৰস্থিত ড'নবস্কো স্কুলৰ ছাত্র জিজ্ঞাস দত্ত আৰু চান্দমাৰিস্থিত হলি চাইল্ড স্কুলৰ ছাত্রী ঈপ্সিতা দাস -দুয়োগৰাকী "জিজেচি জুডো একাডেমী"ৰ ড'নবস্কো চেন্টাৰৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইফালে, "চিবিএছচি ফাৰ ইষ্ট জ'ন"ত সোণজয়ৰ সুবাদত আগন্তুক "চিবিএছচি নেচনেল"ৰ বাবে যোগ্যতা অৰ্জন কৰিলে সোণজয়ী জিজ্ঞাস দত্তই।দুয়ো গৰাকী খেলুৱৈক "জিজেচি জুডো একাডেমী" ড'নবস্কো চেন্টাৰৰ পৰা জনোৱা হৈছে শুভেচ্ছা।
উল্লেখ্য যে, সদৌ অসম জুডো সন্থাৰ সভাপতি,গুৱাহাটী জুডো কাউন্সিলৰ সভাপতি তথা জুডো ফেডাৰেছন অৱ ইণ্ডিয়াৰ সচিব বাণীব্ৰত দাসৰ পৰামৰ্শ আৰু নিৰ্দেশনাত চলিত বৰ্ষৰ এপিল মাহত গঢ়ি তোলা হৈছিল এই একাডেমী। এই একাডেমীত মুখ্য প্ৰশিক্ষক ৰূপে আছে "কমনৱেলথ জুডো"ৰ সোণজয়ী তথা গুৱাহাটী জুডো কাউন্সিলৰ সম্পাদক সৌন্দৰ্য প্ৰসাদ চলিহা।লগতে প্ৰশিক্ষণত সহযোগ কৰে "খেলো ইণ্ডিয়া"ত পদকজয়ী চালিন আনচাৰী-এ।
পুৱা ৫-৬ বজালৈ, আনহাতে সন্ধিয়া ৪-৬ বজালৈ প্ৰায় ৩০ গৰাকী জুডোকাই একাডেমীৰ ডনবস্কো চেন্টাৰত গ্ৰহণ কৰি আছে প্ৰশিক্ষণ ।মিনি ছাব-জুনিয়ৰ,ছাব-জুনিয়ৰ,জুনিয়ৰ ,ছিনিয়ৰ, কেডেট আৰু য়ুথ শাখাত খেলুৱৈসকলে দুই অভিজ্ঞ প্ৰশিক্ষকৰ পৰা আহৰণ কৰে জুডোৰ নানান কৌশল ।তদুপৰি "স্নেহালয়া" অধীনৰ ছাত্র-ছাত্রীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে "জিজেচি জুডো একাডেমী"ৰ ডনবস্কো চেন্টাৰত।
ক্ৰীড়া অনুৰাগীৰ আশা ,আগন্তুক সময়ত "জিজেচি জুডো একাডেমী"ত প্ৰশিক্ষণ গ্ৰহণ কৰি জিজ্ঞাস দত্ত অথবা ঈপ্সিতা দাসৰ দৰে ক্ৰীড়াঙ্গনত জিলিকি উঠক উদিত জুডোকা। সদৌ অসম জুডো সন্থাৰ সভাপতি,গুৱাহাটী জুডো কাউন্সিলৰ সভাপতি তথা জুডো ফেডাৰেছন অৱ ইণ্ডিয়াৰ সচিব বাণীব্ৰত দাসৰ দিগ- দৰ্শনত উজ্জীৱত হওঁক অসমৰ জুডো ক্ষেত্র।


0 Comments