গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম হেণ্ডবল সন্থাৰ বৈঠক। "এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচন"ৰ সাধাৰণ সম্পাদক নবীন সিঙৰে মত-বিনিময় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ। এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত "অসম প্ৰীমিয়াৰ হেণ্ডবল লীগ"ৰ আয়োজন ।
অসমৰ হেণ্ডবল ক্ষেত্রত সূচনা হ'ল নতুন দিগন্তৰ। চলিত বৰ্ষৰ যোৱা ২৯ ছেপ্তেম্বৰত মহানগৰীৰ এখন আগশাৰীৰ হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম হেণ্ডবল সন্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত "এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচন"ৰ সাধাৰণ সম্পাদক নবীন সিঙৰ সৈতে অসম হেণ্ডবল সন্থাই বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ দিশত গ্ৰহণ কৰিলে সিদ্ধান্ত । সেই অনুসৰি, "মালিগাঁৱৰ এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত চলিত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব সৰ্বভাৰতীয় পৰ্যায়ৰ "অসম প্ৰীমিয়াৰ হেণ্ডবল লীগ"। তদুপৰি ,"এন এফ ৰেলৱেৰ প্ৰাংগনত হেণ্ডবল ক'ৰ্ট তৈয়াৰ কৰি গঢ়ি তোলা হ'ব এক "হেণ্ডবল একাডেমী"। "অসম হেণ্ডবল সন্থাৰ তত্বাবধানত ভাৰতৰ অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিভিন্ন স্থানৰ খেলুৱৈক এই একাডেমীত প্ৰদান কৰা হ'ব প্ৰশিক্ষণ"। "প্ৰথম পৰ্যায়ত অহা ২৪ নৱেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এমহীয়া প্ৰশিক্ষণ শিবিৰ"। "পৰৱৰ্তী সময়ত এন এফ ৰেলৱেত অন্তৰ্ভুক্ত হ'ব বাস্কেটবল ক্ৰীড়া"। "ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠা টপ থ্ৰিৰ খেলুৱৈয়ে লাভ কৰিব এন এফ এফ ৰেলৱেত চাকৰিৰ সুবিধা" ।এই সকলোবোৰ কাৰ্যতঃ হৈ উঠিলে অসমৰ হেণ্ডবল খেলুৱৈসকল উপকৃত হ'ব বুলি আশাবাদী অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী
উল্লেখ্য যে, বৈঠকত বিশেষভাৱে সন্মানিত কৰিলে "এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচন"ৰ সাধাৰণ সম্পাদক নবীন সিঙক । ইফালে, এই বৈঠকত "এন এফ ৰেলৱে স্পৰ্টছ এচছিয়েচন"ৰ সাধাৰণ সম্পাদক নবীন সিঙৰ উপৰি উপস্থিত থাকিল হেণ্ডবল এছচিয়েচন ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শচীন চৌধুৰী ,ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ চৰণজিৎ সিং ,অসম হেণ্ডবল সন্থাৰ সাধাৰণ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী,বৰপেটা জিলা হেণ্ডবল সন্থাৰ সম্পাদক মনজিৎ দাসৰ লগতে ৰাজ্যিক সন্থাৰ কেইবাগৰাকীও বিষয়-ববীয়া।ক্ৰীড়া অনুৰাগীৰ আশা- অসম হেণ্ডবল সন্থাৰ নতুন পৰিকল্পনা হওক সাফল্যমণ্ডিত ।


0 Comments