"ফিটনেছ এম্পায়াৰ" জীমৰ অষ্টম বৰ্ষপূৰ্তি উদযাপন। শুভাকাংশীৰ উপস্থিতিত কেক কাটি বৰ্ষপূৰ্তি পালন। জীমৰ স্বত্বাধিকাৰী শৰীৰচৰ্চাবিদ অৰূপ দত্তলৈ শুভকাংশীৰ শুভকামনা।
বিগত ২০১৮ চনৰ ১১ নৱেম্বৰত গুৱাহাটীৰ এ.আই .ডি.ছি-ত গঢ়ি উঠিছিল "ফিটনেছ এম্পায়াৰ" জীমৰ। শৰীৰচৰ্চাবিদ অৰূপ দত্তৰ তত্বাবধানত গঢ়ি উঠা জীমটোৱে অতিক্ৰম কৰিলে সফলতাৰ ৮ টা বছৰ। জীমত শৰীৰচৰ্চা কৰা ন-পুৰণি ব্যক্তিসকল তথা শুভাকাংশীৰ উপস্থিতিত কেক কাটি "অষ্টম বৰ্ষপূৰ্তি" কৰা হয় উদযাপন। স্বত্বাধিকাৰী হিচাপে জীমৰ সৈতে জড়িত হৈ ৮ বছৰীয়া মধুময় যাত্রাৰ অভিজ্ঞতা সোঁৱৰিলে শৰীৰচৰ্চাবিদ অৰূপ দত্তই।

এগৰাকী জীমৰ স্বত্বাধিকাৰী হোৱাৰ পূৰ্বে অৰূপ দত্ত হ'ল এগৰাকী বিশিষ্ট শৰীৰচৰ্চাবিদ। "আই বি বি এফ ছিনিয়ৰ নেচনেল-২০২৫"ত অৰূপ দত্তই লাভ কৰিছিল ৰূপৰ পদক। মুম্বাইত অনুষ্ঠিত প্ৰতিযোগিতাখনত শিৱসাগৰৰ অৰূপ দত্তই "ছিনিয়ৰ মেন ক্লাচিক "শাখাত অৰ্জন কৰিছিল এই সফলতা।আনহাতে , "ফিটনেছ এম্পায়াৰ" জীমতে প্ৰশিক্ষণ গ্ৰহণ কৰি বডি বিল্ডিং আৰু পাৱাৰ লিফ্টিং প্ৰতিযোগিতাত দুগৰাকী খেলুৱৈ-এ ইতিমধ্যে লাভ কৰিছে পদক। জীমৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ মাজতে এই সু-সবাদ জনালে স্বত্বাধিকাৰী অৰূপ দত্তই।

এই গৰাকী হ'ল মৰমী ৰয়। এই জীমত প্ৰশিক্ষণ লৈয়ে শেষতীয়া এক "পাৱাৰ লিফ্টিং প্ৰতিযোগিতা"ৰ ৬০ কেজি শাখাত তেওঁ লাভ কৰিছে ব্ৰঞ্জ। তদুপৰি অৰূপ দত্তৰ প্ৰশিক্ষণক মৰমী ৰয়ে কৰিলে উচ্চ প্ৰশংসা।
এই জীমত "আঢ়ৈ মাহ"ৰ বাবে সময় কটাইছে ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাই-এ।
৭০ বছৰ উৰ্ধৰ এগৰাকী ব্যক্তি-এ নিজকে সুস্থ ৰাখিবলৈ যিখিনি শৰীৰচৰ্চা কৰা আৱশ্যক ,সেয়া অৰূপ দত্তৰ পৰা আহৰণ কৰা বুলি মন্তব্য কৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক গৰাকী-এ।
চাকৰি জীৱনৰ অৱসৰৰ পাছতো নিতৌ শৰীৰচৰ্চা কৰে এইগৰাকী ব্যয়োজ্যেষ্ঠ ব্যক্তি-এ। "ফিটনেছ এম্পায়াৰ" জীমৰ আৰম্ভণিৰ দিন ধৰি আজি পৰ্যন্ত দৈনিক শৰীৰচৰ্চা কৰি আহিছে তেওঁ।
"এই জীমৰ পৰিবেশটো বেলেগতকৈ বেলেগ"। এই মন্তব্য এই জীমত শৰীৰচৰ্চা কৰা এগৰাকী দন্ত্য চিকিৎসকৰ।
কৰ্ম-ব্যস্ততাৰ মাজতো সময় উলিয়াই অৰূপ দত্তৰ তত্বাবধানত কৰি আছে শৰীৰচৰ্চা।
ক্ৰীড়া অনুৰাগীৰ আশা-- "ফিটনেছ এম্পায়াৰ" জীমৰ সফলতাৰ এই যাত্রা হওঁক সূদূৰপ্ৰসাৰী।
শৰীৰচৰ্চাবিদ অৰূপ দত্তৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি এই জীমৰ পৰা সৃষ্টি হওণক ন-ন খেলুৱৈৰ।


0 Comments